নিউজ ডেস্ক, ২৫ জুন : টাটা সৌৰশক্তিয়ে (Tata power solar) স্থাপন কৰিলে দেশৰ বৃহত্তম ভাসমান সৌৰশক্তি প্ৰকল্প (India's largest floating solar power project) । শনিবাৰে এই কথা প্ৰকাশ কৰে টাটা সৌৰশক্তিয়ে । প্ৰকল্পটো স্থাপন কৰা হৈছে কেৰালাৰ সমুদ্ৰত । ভাৰতৰ সৰ্ববৃহৎ ১০১.৬ মেগাৱাট পিক (Megawatt Peak) প্ৰকল্পটো কেৰালাৰ কায়ামকুলমত ৩৫০ একৰ জলাশয়ত স্থাপন কৰা হৈছে (project installed in Kayamkulam, Kerala) । কোম্পানীটোৰ এক বিবৃতিত এই কথা প্ৰকাশ । বোৱতী পানীৰ গভীৰতা, সাগৰৰ উচ্চ জোৱাৰ আৰু পানীৰ তীব্ৰ লৱণতাৰ কঠিন প্ৰত্যাহ্বান সত্ত্বেও নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ কৰা বুলি লগতে উল্লেখ কৰা হৈছে ।
উল্লেখ্য, টাটা সৌৰশক্তি হৈছে টাটা পাৱাৰৰ সম্পূৰ্ণ মালিকানাধীন এক সহায়ক কোম্পানী (Tata Power Solar subsidiary of Tata Power)। এই প্ৰকল্পটো শক্তি ক্ৰয় চুক্তি শ্ৰেণীৰ জৰিয়তে কৰা প্ৰথমটো ভাসমান সৌৰ ফটোভল্টেইক (Floating Solar Photovoltaic) প্ৰকল্প বুলি কোম্পানীটোৱে কয় । টাটা পাৱাৰৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু এমডি প্ৰবীৰ সিনহাই কয় (CEO and MD of Tata Power Praveer Sinha), "ভাৰতৰ প্ৰথম আৰু সৰ্ববৃহৎ ভাসমান সৌৰ প্ৰকল্প আৰম্ভ কৰাটো ভাৰতৰ বহনক্ষম শক্তিৰ লক্ষ্য পূৰণৰ (India's sustainable energy goals) দিশত এক অভিনৱ আৰু বৰ্ধিত পদক্ষেপ ।"