নিউজ ডেস্ক, 4 আগষ্ট:টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ দেওবাৰে মুম্বাইত এক পথ দুৰ্ঘটনাত মৃত্যু হয়(Cyrus Mistry killed in road accident) ৷ পালঘৰৰ আৰক্ষী অধীক্ষকে দুৰ্ঘটনাটোত তেওঁৰ মৃত্যু হোৱাৰ তথ্য নিশ্চিত কৰে(Former Chairman of Tata sons Cyrus Mistry is dead) ৷ মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ সমীপৱৰ্তী মুম্বাইত এটা ডিভাইডাৰত খুন্দা মাৰে মিস্ত্ৰীৰ বাহনখনে ৷
চাইৰাছ মিস্ত্ৰীয়ে আহমেদাবাদৰ পৰা মুম্বাইলৈ তেওঁৰ মাৰ্চিডিজ গাড়ীৰে আহি থকা সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ সৰযু নদীৰ (Surya river) ওপৰত এখন দলঙত দেওবাৰে বিয়লি প্ৰায় 3.15 বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ আনহাতে মিস্ত্ৰীৰ সৈতে যাত্ৰা কৰা আন এজন ব্যক্তিৰ লগতে তেওঁৰ গাড়ী চালকজন এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ।