নিউজ ডেস্ক, ২৪ জুন : অসমবাসীৰ বাবে এক গৌৰৱৰ খবৰ (proud moment to Assamese people) । ভাৰতীয় চোৰাংচোৱা সংস্থাৰ শীৰ্ষ পদত অধিষ্ঠিত হৈছে এগৰাকী অসমীয়া । জ্যেষ্ঠ আইপিএছ বিষয়া তপন কুমাৰ ডেকাক শুকুৰবাৰে চোৰাংচোৱাৰ মুখ্য পদবীত নিযুক্তি প্ৰদান কৰা হয় (Tapan Kumar Deka appointed Intelligence Bureau chief) । ইয়াৰ পূৰ্বে ভাৰতীয় চোৰাংচোৱাৰ মুখ্য পদবীত আছিল অৰবিন্দ কুমাৰ (replacing Arvind Kumar) । তেওঁৰ কাৰ্যকাল ৩০ জুনলৈ সম্প্ৰসাৰণ কৰা হৈছিল ।
চোৰাংচোৱাৰ অভিযান শাখাত কাৰ্যনিৰ্বাহ কৰি থকা তপন কুমাৰ ডেকাই চোৰাংচোৱাৰ সঞ্চালকৰ পদত আগন্তুক দুবছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰিব । কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ে জাৰি কৰা চৰকাৰী নিৰ্দেশত এই কথা প্ৰকাশ (official order issued by Personnel Ministry)।
তপন কুমাৰ ডেকাৰ জন্ম বৰপেটা জিলাত আৰু তেওঁ ডাঙৰ-দীঘল হৈছে তেজপুৰত । তেওঁ হিমাচল প্ৰদেশ কেডাৰৰ (Himachal Pradesh cadre) ১৯৮৮ বেটচৰ আইপিএছ বিষয়া (1988 batch IPS officer) । আনহাতে, নিৰ্দেশনাটোত চোৰাচোৱাৰ গৱেষণা আৰু বিশ্লেষণ শাখাৰ মুৰব্বী সামন্ত গোৱেলৰ কাৰ্যকালো এবছৰ বৃদ্ধি কৰা বুলি মন্ত্ৰালয়ে জনাইছে ।