নেছনেল ডেস্ক,6 এপ্ৰিল: তামিলনাডুত মঙলবাৰে একক পৰ্যায়ৰ বিধানসভা নিৰ্বাচন আৰম্ভ হৈছে ৷ জে জয়ললিতা আৰু এম কৰুণানিধিৰ অনুপস্থিতিত এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজ্যখনে ভোটদান কৰিব । ৰাজ্যৰ ৩৮ খন জিলাত আৰম্ভ হ’ব ভোটগ্ৰহণ৷ পুৱা ৭ বজাৰ পৰা মুঠ ২৩৪ টা বিধানসভা সমষ্টিত অনুস্থিত হ’ব ভোটদান প্ৰক্ৰিয়া ৷ উল্লেখযোগ্য যে এইবাৰ নিৰ্বাচনত মুঠ ৩,৯৯৮ জন প্ৰাৰ্থী আছে । কোভিড-19ৰ প্ৰতি লক্ষ্য ৰাখি মুঠ ভোটকেন্দ্ৰৰ সংখ্যা 88,937 লৈ বৃদ্ধি কৰা হৈছে ।
মঙলবাৰে তামিলনাডুত একক পৰ্যায়ৰ বিধানসভা নিৰ্বাচন আৰম্ভ - এআইএডিএমকে
তামিলনাডুত মঙলবাৰে একক পৰ্যায়ৰ বিধানসভা নিৰ্বাচন আৰম্ভ হৈছে ৷ মুঠ ২৩৪ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব ভোটদান ৷ উল্লেখ্য যে, কোভিড-19ৰ প্ৰতি লক্ষ্য ৰাখি তামিলনাডুত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা 88,937 লৈ বৃদ্ধি কৰা হৈছে ৷
উল্লেখযোগ্য যে, ৰাজ্যখনত প্ৰায় ১৩০ টা সমষ্টিৰ দুটা দলে এই যুঁজত মুখামুখি হ'বলৈ সাজু হৈছে ৷ এই দুটা চিৰ প্ৰতিদ্বন্দী দল হৈছে - শাসনাধীষ্ঠ এআইএডিএমকে আৰু এম কে ষ্টেলিন নেতৃত্বাধীন ডিএমকে, যি দল ২০১১ চনৰ পৰা ক্ষমতাৰ পৰা বাহিৰ হৈ আছে ৷ এআইএডিএমকেয়ে ভাৰতীয় জনতা পাৰ্টি আৰু পাট্টালি মাক্কাল কাচ্চি (পিএমকে)ৰ সৈতে প্ৰাক-নিৰ্বাচনী মিত্ৰতাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে । পিএমকে আৰু বিজেপিয়ে ২৩৪ জন প্ৰাৰ্থীয়ে তামিলনাডু বিধানসভাত ক্ৰমান্বয়ে ২৩ আৰু ২০ টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছে ৷ আনহাতে এআইএডিএমকেয়ে বাকী আসনসমূহৰ বাবে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ।
লগতে পঢ়ক :বিপিএফ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বাসগৃহত উত্তপ্ত পৰিস্থিতি