নিউজ ডেস্ক, 1 নৱেম্বৰ :2018 চনত দিণ্ডিগল চৰকাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডাঃ সুৰেশ বাবুৱে আয়তকৈ অধিক সম্পত্তি আহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ 2018 চনত মধ্যপ্ৰদেশত প্ৰৱৰ্তন সঞ্চালকালয়ৰ বিষয়া হিচাপে যোগদান কৰা অংকিত তিৱাৰী 2023 চনৰ এপ্ৰিল মাহত মাদুৰাইলৈ বদলি হয় ৷
ডাঃ সুৰেশ বাবুক এই গোচৰৰ পৰা ৰক্ষা কৰিবলৈ অংকিত তিৱাৰীয়ে তিনি কোটি টকাৰ উৎকোচ বিচৰা বুলি জানিব পৰা গৈছে ৷ প্ৰৱৰ্তন সঞ্চালকালয়ক এই গোচৰ গতাই দিয়া হ’ব বুলি উৎকোচ দাবী কৰে তেওঁ ৷ জানিব পৰা মতে ডাঃ সুৰেশে এই কথাত সন্মতি নিদিলে আৰু অৱশেষত 51 লাখ টকাত দৰদাম সমাপ্ত হয় ৷ ইয়াৰে ডাঃ সুৰেশ বাবুৱে যোৱা 1 নৱেম্বৰত অংকিত তিৱাৰী 20 লাখ টকা দিছিল ৷
অংকিত তিৱাৰীয়ে 30 নৱেম্বৰত হোৱাটছএপ কলৰ জৰিয়তে চিকিৎসকজনক বিচাৰিছিল বাকী থকা ধন ৷ ডাঃ সুৰেশ বাবুৱে 30 নৱেম্বৰত দিণ্ডিগুল দুৰ্নীতি নিবাৰক ব্যুৰোত এখন এজাহাৰ দাখিল কৰে ৷ এই ক্ষেত্ৰত আৰক্ষীয়ে দিয়া পৰামৰ্শ অনুসৰি আজি অৰ্থাৎ 1 ডিচেম্বৰত দিণ্ডিগুলৰ মাদুৰাই বাইপাছ পথত বিষয়াজনৰ গাড়ীত 20 লাখ টকা দিয়ে তেওঁ ৷
অভিযুক্ত বিষয়া অংকিত তিৱাৰীয়ে গাড়ীখন নিবলৈ যাওঁতেই ঘোচ আৰক্ষীয়ে তেওঁক ঘেৰি ধৰে ৷ কিন্তু তাৰ পৰা বিষয়াজন গাড়ীৰে পলাই যায় ৷ পিছত আৰক্ষীয়ে ডিণ্ডিগলৰ পৰা মাদুৰাইলৈ যোৱা পথৰ কোদাই ৰোডত থকা টোলগেটত অৱগত কৰি গাড়ীখন জব্দ কৰি ডিণ্ডিগুল কাৰ্যালয়লৈ আনি তেওঁক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা 20 লাখ টকা জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে ৷