নেশ্যনেল ডেস্ক, 17 ডিচেম্বৰ :দেওবাৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে মিচাউং ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে 6 হাজাৰ টকাৰ সাহায্য পুঁজি বিতৰণ কৰে । চেন্নাইৰ ভেলাচেৰীস্থিত শক্তি বিজয়লক্ষ্মী নগৰত অনুষ্ঠিত কৰা হয় এক অনুষ্ঠানৰ ৷ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ সৈতে এইচ আৰ চি ই মন্ত্ৰী পি কে ছেকৰ বাবু (HRCE Minister PK Sekar Babu), স্বাস্থ্যমন্ত্ৰী মা সুব্ৰমণিয়ান (Health minister Ma Subramanian), টি এন চি এছ শিৱ দাস মীনা আই এ এছ (TN CS Shiv Das Meena IAS) উপস্থিত থাকে ।
ইয়াৰ পূৰ্বে যোৱা 4 ডিচেম্বৰত চেন্নাই, চেংগালপট্টু, কাঞ্চিপুৰম আৰু তিৰুৱল্লুৰ জিলাত প্ৰচণ্ড বতাহ-বৰষুণ হয় । ফলত বহু ঠাইত পানী জমা হৈ পৰিছে । আনকি ব্যাহত হৈ পৰে জনজীৱন ৷ অৱশ্যে বতাহ-বৰষুণৰ মাত্ৰা কমি যোৱাৰ পাচতে প্ৰশাসনৰ ফালৰ পৰা আৰম্ভ হয় উদ্ধাৰ অভিযান ৷
বৰ্তমান কৰ্ণাটকৰ অৱস্থা পূৰ্বতকৈ কিছু সুস্থিৰ হৈছে বুলি জানিব পৰা গৈছে ৷ তামিলনাডু চৰকাৰে 2023 চনৰ 9 ডিচেম্বৰত ঘোষণা কৰিছিল যে চেন্নাই আৰু অন্যান্য ক্ষতিগ্ৰস্ত অঞ্চলৰ জনসাধাৰণক ৰেচনৰ দোকানৰ জৰিয়তে 6 হাজাৰ টকাৰ সাহায্য প্ৰদান কৰা হ’ব ।