অসম

assam

Tamil Nadu CM Covid positive : তামিলনাডুৰ মুখ্যমন্ত্ৰী ক'ভিডত আক্ৰান্ত

By

Published : Jul 14, 2022, 7:18 PM IST

ক'ভিডত আক্ৰান্ত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন (Tamil Nadu Chief Minister MK Stalin covid positive)। ইতিমধ্য়ে তেওঁক চিকিৎসাৰ বাবে চেন্নাইৰ কাউৱেৰী চিকিৎসালত ভৰ্তি কৰোৱা হৈছে । তেওঁৰ ক'ভিড পৰীক্ষা কৰাৰ দুদিন পিছত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে।

t
Tamil Nadu CM Covid positive : তামিলনাডুৰ মুখ্যমন্ত্ৰী কোভিডত আক্ৰান্ত

নেচনেল ডেস্ক,১৪ জুলাই: ক'ভিডত আক্ৰান্ত হৈছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন (Tamil Nadu Chief Minister MK Stalin covid positive)। ইতিমধ্য়ে তেওঁক চিকিৎসাৰ বাবে চেন্নাইৰ কাউৱেৰী চিকিৎসালত ভৰ্তি কৰোৱা হৈছে । তেওঁৰ ক'ভিড পৰীক্ষা কৰাৰ দুদিন পিছত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে । উল্লেখ্য় যে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ ক'ভিড সম্পৰ্কীয় লক্ষণে দেখা দিয়াৰ পাছত মঙলবাৰে পৰীক্ষাৰ বাবে ভৰ্তি কৰোৱা হৈছিল বুলি কাউৱেৰী চিকিৎসালয়ৰ সূত্ৰই সদৰি কৰিছে।

এটা টুইটত মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে কয়, 'পৰীক্ষাৰ অন্তত ক'ভিডত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছত নিজকে আছুতীয়াকৈ ৰাখিছো ।' তেওঁ ৰাইজক সজাগ হ'বলৈ আহ্বান জনায় কয়,'আহক সকলোৱে মুখা পিন্ধি আৰু টিকাকৰণৰ জড়িয়তে সুৰক্ষিত থাকো ।' উল্লেখ্য় যে যোৱা 11 আৰু 12 জুলাইত ষ্টেলিনে এখন বিয়াত অংশ গ্ৰহণ কৰাৰ লগতে দ্ৰাবিড় কাঝাগমৰ নেতা কে বীৰামণিকে ধৰি এটা গোটক লগ ধৰিছিল । তদুপৰি কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে তিৰুভান্নামালাই জিলাৰ চৰকাৰী কাৰ্যসূচীত বৃহৎ সংখ্যক লোক থকা স্বত্বেও মুখা পৰিধান নকৰাকৈ উপস্থিত আছিল । আনহাতে,তামিলনাডুত দৈনিক ক'ভিডত আক্ৰান্তৰ সংখ্যা 2,000লৈ বৃদ্ধি হৈ আছে । কালি ৰাজ্যখনত 2,269 গৰাকী আক্ৰান্ত হোৱা বুলি চৰকাৰী তথ্য়ত প্ৰকাশ পাইছে ।

লগতে পঢ়ক:JE in Merapani: মেৰাপানীত জাপানীজ এনকেফেলাইটিছত এজনৰ মৃত্য়ু

ABOUT THE AUTHOR

...view details