অসম

assam

ETV Bharat / bharat

জল্লিকাটু অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে তামিলনাডু চৰকাৰে - Tamil Nadu allows bull-taming sport

পৰম্পৰাগত জল্লিকাটু অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে তামিলনাডু চৰকাৰে ৷ পূৰ্বৰ পৰা জানুৱাৰী আৰু মে মাহৰ ভিতৰত অনুষ্ঠিত হৈ অহা পৰম্পৰাগত খেল সমূহ ক'ভিড-19ৰ বাবে 50 শতাংশ লোকৰ উপস্থিতিতহে অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে ৷

Tamil Nadu allows bull-taming sport next year with certain restrictions
জল্লিকাটু অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে তামিলনাডু চৰকাৰে

By

Published : Dec 23, 2020, 1:29 PM IST

Updated : Dec 23, 2020, 1:42 PM IST

নেশ্যনেলডেস্ক,23 ডিচেম্বৰ: তামিলনাডু চৰকাৰে নিষেধাজ্ঞা জাৰি কৰা ষাঁড় গৰুৰ জনপ্ৰিয় খেল জল্লিকাটু অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে । এক চৰকাৰী বিজ্ঞাপ্তি যোগে কয় যে মাঞ্জুৱিৰাট্টু আৰু ৱাদামাডুৰ দৰে বুল টেমিং খেলৰ বাবে সৰ্বাধিক 300 প্ৰশিক্ষকক অনুমতি দিয়াৰ বিপৰীতে সমগ্ৰ ৰাজ্যতে এৰুধু ইদুম ভিজাৰ পাৰম্পৰিক ষাঁড় গৰু দৌৰৰ ক্ষেত্ৰত সৰ্বাধিক 150 জন ৰেছাৰৰ অনুমতি দিয়া হ'ব ৷

পূৰ্বৰ পৰা পৰম্পৰাগত ভাৱে এই খেল সমূহ জানুৱাৰী আৰু মে মাহৰ ভিতৰত অনুষ্ঠিত হৈ আহিছিল ৷ বৰ্তমান এই খেল সমূহ 50 শতাংশ লোকৰ উপস্থিতিতহে অনুষ্ঠিত কৰিব পাৰিব ৷ ইয়াৰ লগতে অংশগ্ৰহণকাৰী সকলৰ দৈহিক তাপ মাত্ৰা পৰীক্ষা কৰাৰ পাচতহে অংশগ্ৰহণ কৰাৰ অনুমতি প্ৰদান কৰিব ৷ প্ৰশিক্ষক সকলেও অংশ লোৱাৰ পূৰ্বে চৰকাৰীভাৱে ক'ভিড-19 পৰীক্ষা কৰাটো বাধ্যতামূলক কৰা হৈছে ৷ ক'ভিড-19 পৰীক্ষাত নিগেটিভ ফলাফল অহাৰ পাচতহে প্ৰশিক্ষক সকলে অংশগ্ৰহণ কৰিব পাৰিব ৷

লগতে পঢ়ক:9 মাহৰ বিৰতিৰ পিছত দ্বাৰ খুলিব জগন্নাথ মন্দিৰৰ

Last Updated : Dec 23, 2020, 1:42 PM IST

ABOUT THE AUTHOR

...view details