অসম

assam

By

Published : Apr 17, 2021, 9:34 AM IST

ETV Bharat / bharat

তামিল কৌতুক অভিনেতা বিবেকৰ মৃত্যু

শনিবাৰে পুৱা অভিনেতা বিবেকৰ 59 বছৰ বয়সত হৃৎক্ৰিয়া বন্ধ হৈ চেন্নাইৰ ভাদাপালানি চিমছ চিকিৎসালয়ত মৃত্যু হয় ৷ বিবেকে চেন্নাইৰ এখন চৰকাৰী চিকিৎসালয়ত ক’ভিডৰ টিকা গ্ৰহণ কৰে আৰু সংবাদমাধ্যমক সম্বোধন কৰি ৰাইজক টিকাকৰণ কৰিবলৈ আহ্বান জনাইছিল ৷

তামিল কৌতুক অভিনেতা বিবেকৰ চেন্নাইত মৃত্যু
তামিল কৌতুক অভিনেতা বিবেকৰ চেন্নাইত মৃত্যু

নেচনেল ডেস্ক, 17 এপ্ৰিল: হৃদৰোগত আক্ৰান্ত 59 বছৰ বয়সত মৃত্যুবৰণ জনপ্ৰিয় তামিল অভিনেতা বিবেকৰ ৷ শনিবাৰে পুৱতি নিশা চেন্নাইৰ এখন চিকিৎসালয়ত মৃত্যু হয় তাৰকাগৰাকীৰ ৷ শুকুৰবাৰে অভিনেতাজনে বুকু বিষত ভোগাৰ পিছতে তেওঁৰ পৰিয়ালৰ সদস্যসকলে তেওঁক অচেতন অৱস্থাত ভাদাপালানি চিমছ চিকিৎসালয়ত লৈ যায় ৷ চিকিৎসালয়ত ভৰ্তি হোৱাৰ লগে লগে তেওঁক জৰুৰীকালীনভাৱে হৃদৰোগ বিশেষজ্ঞৰ দলে চিকিৎসা আগবঢ়াই ৷ অভিনেতাজনক জৰুৰীকালীনভাৱে কৰোনেৰী এঞ্জিওগ্ৰাম আৰু তাৰ পিছত এঞ্জিওপ্লাষ্টি কৰা হয় ।

বৃহস্পতিবাৰে, বিবেকে চেন্নাইৰ এখন চৰকাৰী চিকিৎসালয়ত ক’ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰাৰ পাচত শিৰোনাম দখল কৰিবলৈ সক্ষম হয় ৷ প্ৰতিষেধক গ্ৰহণ কৰাৰ পাচত অভিনেতাজনে সংবাদমাধ্যমক সম্বোধন কৰে আৰু ৰাইজক প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ কিন্তু শনিবাৰে পুৱা 4.35 বজাত হৃৎক্ৰিয়া বন্ধ হৈ চিকিৎসালয়তে তাৰকাজনৰ মৃত্যু হয় ৷

উল্লেখ্য যে, পদ্মশ্ৰী প্ৰাপক ৫৯ বছৰীয়া কৌতুক অভিনেতাগৰাকীয়ে ৰজনীকান্ত, বিজয় আৰু অজিত কুমাৰকে ধৰি শীৰ্ষ তামিল নায়কসকলৰ সৈতে প্ৰায় 220 খন ছবিত অভিনয় কৰিছিল ।

লগতে পঢ়ক: অন্নিয়ানৰ হিন্দী অভিযোজন: হাত মিলালে ৰণবীৰ-শংকৰে

ABOUT THE AUTHOR

...view details