নিউজ ডেস্ক,7 ছেপ্টেম্বৰ: আফগানিস্তানৰ শাসন দখল কৰাৰ পাছত অহা 11 ছেপ্টেম্বৰ তাৰিখে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে তালিবানে ৷ তালিবানৰ মুখপাত্ৰ জবিউল্লাহ মুজাহিদে এই কথা ব্যক্ত কৰে যে, চৰকাৰ গঠনৰ বাবে স্থিৰ কৰা বা সঠিক দিনটো অতি শীঘ্ৰেই ৰাজহুৱা কৰা হ'ব ৷
15 আগষ্টত আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰাৰ তালিবান সকলে এতিয়ালৈ দুবাৰকৈ চৰকাৰ গঠনৰ প্ৰক্ৰিয়া পিছুৱাবলৈ বাধ্য হৈছে ৷ মুখপাত্ৰ জনে কয় যে, যিহতু সমগ্ৰ বিশ্বই এতিয়া আফগানিস্তানৰ ওপৰত চকু ৰাখিছে সেয়েহে চৰকাৰ গঠনৰ প্ৰক্ৰিয়াটো সুস্থিৰভাৱে সম্পন্ন কৰা হ'ব, যাতে ই আন্তৰ্জাতিক পৰ্যায়ত স্বীকৃত হয় ৷
যোৱা সপ্তাহত তালিবান সকলে ঘোষণা কৰিছিল যে, ছেপ্টেম্বৰৰ 4 তাৰিখে চৰকাৰ গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব ৷ লগতে ইয়াকো কোৱা হৈছিল যে, তালিবানৰ সহকাৰী প্ৰতিষ্ঠাপক মোল্লাহ আব্দুল গানি বাৰাদাৰৰ নেতৃত্বত চৰকাৰ গঠন কৰা হ'ব ৷ কিন্তু সেইয়া হৈ নুঠিল ৷
লগতে পঢ়কঃKISAN MAHAPANCHAYAT: কৰ্ণালত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা