নিউজ ডেস্ক, ২২ ডিচেম্বৰ :সঞ্চয় হৈছে বিত্তীয় স্বাধীনতাৰ আধাৰ । অৱশ্যে আপোনাৰ সপোনবোৰ পূৰণ কৰাৰ বাবে ই আপোনাৰ বাবে পৰ্যাপ্ত নহ'বও পাৰে । আপুনি নিজে ব্যৱসায় এটা আৰম্ভ কৰা বা জৰুৰীকালীন অৱস্থাৰ বাবে ধনৰ প্ৰয়োজন । যিকোনো অনুষ্ঠানতে ঋণ লোৱাটো কেতিয়াবা অনিবাৰ্য হৈ পৰে । বজাৰত বহু প্ৰকাৰৰ ঋণ সহজে উপলব্ধ । সেইবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে 'সম্পত্তিৰ বিপৰীতে ঋণ' (Loans against property, LAP) ।
আমানতমুক্ত ঋণৰ তুলনাত (security free loans), LAP-ৰ কিছুমান সুবিধা আছে । আমি ঋণ এটা লোৱাৰ আগতে এইবোৰ সাৱধানে পৰীক্ষা কৰিব লাগিব । যিসকলে প্ৰথমবাৰৰ বাবে ঋণ লৈছে আৰু স্বনিয়োজনৰ কথা ভাবিছে, তেওঁলোকে 'সম্পত্তিৰ বিপৰীতে ঋণ' ল'ব পাৰে । উচ্চ পৰিমাণৰ ঋণ কম সুতৰ হাৰ আৰু 15 ৰ পৰা 25 বছৰৰ দীৰ্ঘম্যাদী সময়ৰ সৈতে উপলব্ধ হয় ।
আপোনাৰ ব্যৱসায় সম্পাদনৰ বাবে ঋণ ল'বলৈ নিজৰ ঘৰ আৰু বাণিজ্যিক স্থান বন্ধক ৰাখিব পাৰে । একে সময়তে ঋণ লওঁতাই তেওঁৰ সম্পত্তিৰ অধিকাৰো উপভোগ কৰাটো অব্যাহত ৰাখিব পাৰে । ঋণৰ পৰিমাণ আপোনাৰ সম্পত্তিৰ ওপৰত মালিকীস্বত্বৰ অধিকাৰৰ ওপৰত নিৰ্ভৰ কৰে । সম্পত্তিৰ মূল্যৰ ক্ষেত্ৰত সাধাৰণতে ঘৰবোৰৰ বাবে অধিক ঋণ লাভ কৰা যায় (loan with property value) ।
LAP লোৱাৰ আগতে প্ৰয়োজনীয় সকলো প্ৰকাৰৰ সম্পত্তিৰ নথিপত্ৰ আপোনাৰ আছেনে নাই পৰীক্ষা কৰক । বেঙ্কিং আৰু অনা-বেঙ্কিং বিত্তীয় প্ৰতিষ্ঠান (non banking financial institutions) দুয়োটায়েই এই ঋণ প্ৰদান কৰি আছে । তেওঁলোকে ঋণ আবেদনকাৰীৰ ক্ৰেডিট স্ক'ৰ, পৰিশোধ ক্ষমতা, সম্পত্তিৰ মূল্য, বয়স, বৃত্তি, সম্পত্তিৰ অৱস্থান, ইয়াৰ বয়স আদি বিবেচনা কৰে । আপুনি সম্পত্তিৰ ৮০ শতাংশ মূল্যলৈকে ঋণ পাব পাৰে । কেতিয়াবা বেংকাৰসকলে বিশেষ পৰিস্থিতিত ইয়াক 70 শতাংশলৈ হ্ৰাস কৰিব পাৰে ।