অসম

assam

ETV Bharat / bharat

Skin Care Tips: গ্ৰীষ্মকালত কোমল তথা সুস্থ ছালৰ অধিকাৰী হ'বলৈ অনুসৰণ কৰক এই টিপছ - কোমল গ্লোয়িং আৰু সুস্থ ছাল

গ্ৰীষ্মকালত কেৱল স্বাস্থ্যৰ প্ৰতি নহয়, ছালৰ প্ৰতিও বিশেষ যত্ন লোৱাটো অতি প্ৰয়োজনীয় । এনে পৰিস্থিতিত যদি আপুনিও এই সময়ত কোমল, গ্লোয়িং আৰু সুস্থ ছাল বিচাৰে, তেন্তে ইয়াৰ বাবে এই সহজ টিপছসমূহ মানি চলিব পাৰে ।

Take special care of your skin in summer adopt these tips for soft and healthy skin
গ্ৰীষ্মকালত কোমল তথা সুস্থ ছালৰ অধিকাৰী হ'বলৈ অনুসৰণ কৰক এই টিপছ

By

Published : Mar 13, 2023, 10:45 PM IST

মাৰ্চ মাহৰ লগে লগে গ্ৰীষ্মকালো আৰম্ভ হৈছে । বৃদ্ধি পোৱা উষ্ণতাই ইতিমধ্যে মানুহক অশান্তি দিবলৈ আৰম্ভ কৰিছে । এনে পৰিস্থিতিত বৰ্ধিত উষ্ণতাত নিজকে সুস্থ কৰি ৰাখিবলৈ মানুহে নিজৰ জীৱনশৈলীত বহু পৰিৱৰ্তন কৰি আহিছে । খাদ্যৰ পৰা আৰম্ভ কৰি কাপোৰ-কানিলৈকে এই ঋতুত মানুহে সুস্থ হৈ থাকিবলৈ বহু ব্যৱস্থা গ্ৰহণ কৰে । বতৰৰ পৰিৱৰ্তনৰ প্ৰভাৱ কেৱল আমাৰ স্বাস্থ্যৰ ওপৰতেই নহয় বৰঞ্চ আমাৰ ছালৰ ওপৰতো পৰে ।

এনে পৰিস্থিতিত পৰিৱৰ্তিত বতৰৰ লগতে ছালৰ বিশেষ যত্ন লোৱাটো অতি প্ৰয়োজনীয় । যদি আপুনিও গ্ৰীষ্মকালত আপোনাৰ ছালৰ বিশেষ যত্ন ল’ব বিচাৰে, তেন্তে ইয়াৰ বাবে এই সহজ টিপছসমূহ মানি চলিব পাৰে । এই টিপচ্ সমূহৰ সহায়ত আপুনি কেৱল গৰমৰ দিনতেই ছালখন চিকচিকিয়া কৰাই নহয়, ইয়াক সতেজ কৰি ৰাখিবলৈও সক্ষম হ’ব(What are the 5 basic of skin care?)।

  • খাদ্যত ভিটামিন-C অন্তৰ্ভুক্ত কৰক

আমাৰ ছালৰ বাবে ভিটামিন-C অতি গুৰুত্বপূৰ্ণ । যদি আপুনি গ্ৰীষ্মকালত আপোনাৰ ছালখন সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে আপোনাৰ খাদ্য তালিকাত ভিটামিন-C অন্তৰ্ভুক্ত কৰাটো গুৰুত্বপূৰ্ণ(What are some good tips for skin care?)। ইয়াৰ বাবে কমলা, নেমু, আমলখি, আঙুৰ, বিলাহী আদি খাব পাৰে(How can I make my skin glow at home?) ।

  • অধিক পানী খাব লাগে

গ্রীষ্মৰ আগমনৰ লগে লগে আমাৰ শৰীৰত পানীৰ প্রয়োজনো বহুত বাঢ়ি যায় । এনে পৰিস্থিতিত সুস্থ হৈ থাকিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন কৰাটো অতি প্ৰয়োজনীয় । কেৱল আমাৰ স্বাস্থ্যৰ বাবেই নহয় ছালৰ বাবেও পানী অতি গুৰুত্বপূৰ্ণ । প্ৰচুৰ পৰিমাণে পানী খালে আমাৰ ছালখন কোমল আৰু উজ্বল হৈ উঠে । সেইবাবেই সুস্থ ছালৰ বাবে দিনে ২ৰ পৰা ৩ লিটাৰ পৰ্যন্ত পানী খাব লাগে(How can I improve my skin naturally?)।

  • ছানস্ক্ৰীণ লগাব লাগে

গ্ৰীষ্মকালত ছালৰ বিশেষ যত্ন ল’বলৈ হ’লে ৰ’দৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা ইয়াক ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় । ইয়াৰ বাবে দিনত ৰ’দত ওলাই নাযাবলৈ চেষ্টা কৰক । কিন্তু যদি কিবা কামৰ বাবে ৰ’দত যাবলগীয়া হয়, তেন্তে নিশ্চয়কৈ হাত, ডিঙি, ভৰি আৰু মুখত ছানস্ক্ৰীণ লগাব(5 tips for healthy skin)।

  • কম মেকআপ কৰিব

যদি আপুনি গ্ৰীষ্মকালত আপোনাৰ ছালখন সুস্থ কৰি তুলিব বিচাৰে তেন্তে মেকআপৰ ব্যৱহাৰ কম কৰাটো ভাল হ’ব । কম মেকআপ কৰিলে ছালে উশাহ ল’ব পাৰিব । এনে পৰিস্থিতিত মুখত গধুৰ ফাউণ্ডেচন আৰু ক্ৰীম ব্যৱহাৰ নকৰিবলৈ চেষ্টা কৰক । লগতে কেৱল জৈৱিক আৰু লঘু প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰক ।

  • টোনাৰ ব্যৱহাৰ কৰক

যদি আপুনি আপোনাৰ ছালখন সুস্থ কৰি ৰাখিব বিচাৰে, তেন্তে ইয়াৰ বাবে নিশ্চিতভাৱে টোনাৰ ব্যৱহাৰ কৰক । ইয়াক ব্যৱহাৰ কৰিলে আপুনি তেলীয়া ছালৰ পৰা সকাহ পাব, যাৰ বাবে ছালৰ সৈতে জড়িত বহুতো সমস্যাৰ পৰা পৰিত্ৰাণ পাব । যদি আপুনি গ্ৰীষ্মকালৰ বাবে টোনাৰ বিচাৰিছে, তেন্তে তিয়ঁহ বা এলোভেৰা ভিত্তিক টোনাৰ উপকাৰী হ’ব ।

লগতে পঢ়ক:World Glaucoma Day 2023: এইসমূহ লক্ষণৰ পৰা সাৱধান, অন্ধ হ’ব পাৰে আপুনি, জানি লওক ইয়াৰ উপায়

ABOUT THE AUTHOR

...view details