নিউজ ডেস্ক, 15 ফেব্ৰুৱাৰী: মোগল শিল্প, সংস্কৃতি আৰু পৰম্পৰাৰ চহকী ঐতিহ্যক সন্মান জনাই প্ৰতি বছৰে তাজ মহোৎসৱৰ আয়োজন কৰা হয় । ৯ দিনীয়া এই মহোৎসৱত ভাৰতৰ কিছু চহকী কলা, শিল্পকলা, সংস্কৃতি, খাদ্য, নৃত্য, সংগীত প্ৰদৰ্শন কৰা হয় । বিশ্বৰ অন্যতম ধুনীয়া কীৰ্তিচিহ্ন তাজমহলৰ সমীপত অনুষ্ঠিত হোৱা তাজমহোৎসৱে ভাৰতৰ চহকী ইতিহাসৰ বিষয়ে জানিবলৈ এক ৰোমাঞ্চকৰ সুযোগ প্ৰদান কৰে ।
এইবাৰ এই মহোৎসৱ ১৮ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ তাজমহলৰ পূব দুৱাৰ সমীপৰ শিলপগ্ৰামত আয়োজন কৰা হ’ব(Taj Mahotsav)। অনুষ্ঠানত অংশগ্ৰহণৰ বাবে টিকট মাচুল প্ৰতিজন ব্যক্তিৰ বাবে ৫০ টকা ৰখা হৈছে আৰু পাঁচ বছৰ বয়সলৈকে শিশুৰ বাবে প্ৰৱেশ বিনামূলীয়া । বিদেশী পৰ্যটকৰ বাবে নাই টিকট মাচুল ।
আহি আছে সকলোৱে অপেক্ষা কৰি থকা তাজ মহোৎসৱ, জানি লওক তাৰিখ তথা টিকটৰ মূল্য আনহাতে স্কুলীয়া ইউনিফৰ্ম পিন্ধা এশজনীয়া স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ এটা দলৰ টিকটৰ মূল্য ৫০০টকা আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগত অহা দুজন শিক্ষকৰ প্ৰৱেশ বিনামূলীয়া । সাংস্কৃতিক অনুষ্ঠানৰ কোনো সুকীয়া টিকট নাই । অনুষ্ঠানত দৰ্শকে মন কৰিব যে, সাংস্কৃতিক অনুষ্ঠানত প্ৰৱেশৰ বাবে কোনো সুকীয়া টিকট নাই(Taj Mahotsav 2023)। তাজমহোৎসৱৰ টিকট তাজমহলৰ সকলো প্ৰৱেশদ্বাৰত উপলব্ধ কাউণ্টাৰৰ পৰা ক্ৰয় কৰিব পাৰিব ।
আয়োজন
বিভিন্ন শ্ৰেণীৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব তাজ মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়াত, য’ত আত্মাস্পৰ্শী প্ৰদৰ্শন কৰা হ’ব । শাস্ত্ৰীয়ৰ পৰা আৰম্ভ কৰি লেক লোক, স্থানীয় লোক, বিদেশী অপেৰা, আৰু সুক্ষ্ম শাস্ত্ৰীয় আৰু জনপ্ৰিয় চলচ্চিত্ৰৰ গীতসমূহ প্ৰদৰ্শন কৰা হ'ব ।
কলা আৰু শিল্প
আহি আছে সকলোৱে অপেক্ষা কৰি থকা তাজ মহোৎসৱ, জানি লওক তাৰিখ তথা টিকটৰ মূল্য দেশৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৪০০ গৰাকী প্ৰখ্যাত শিল্পীয়ে তেওঁলোকৰ সুন্দৰ শিল্পকৰ্ম প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰিব । ইয়াৰ ভিতৰত তামিলনাডুৰ কাঠ/শিলৰ খোদিত, উত্তৰ-পূৱ ভাৰতৰ বাঁহ/বেতৰ কাম, আগ্ৰাৰ মাৰ্বল আৰু জৰ্ডোজিৰ কাম, চাহাৰনপুৰৰ কাঠৰ খোদিত আৰু পশ্চিম বংগৰ কাণ্ঠা চিলাই আৰু বহুতো । তাজ মহোৎসৱ এজন খাদ্যপ্ৰেমীৰ বাবে স্বৰ্গ সদৃশ (Taj Mahotsav 2023 stall booking)। এই সময়ছোৱাত বিভিন্ন ধৰণৰ খাদ্য আৰু বিশ্ববিখ্যাত খাদ্যও উপলব্ধ থাকিব যিসমূহ দৰ্শকে উপভোগ কৰিব পাৰিব (Taj Mahotsav 2023 audition date)।
উল্লেখ্য যে, ১৯৯২ চনত আৰম্ভ হৈছিল তাজ মহোৎসৱ (Taj Mahotsav 2023 timings)। মোগলৰ চহকী ঐতিহ্যক সন্মান জনাই, শিপিনীসকলক উৎসাহ যোগাবলৈ আৰু তেওঁলোকৰ আশ্চৰ্যকৰ কলা আৰু শিল্পকৰ্মসমূহ অতি যুক্তিসংগত আৰু প্ৰামাণিক মূল্যত জনসাধাৰণৰ বাবে উপলব্ধ কৰিবলৈ প্ৰতি বছৰে ইয়াৰ আয়োজন কৰা হয় (Taj Mahotsav 2023 program list)।
লগতে পঢ়ক:February Travel Destinations: ফেব্ৰুৱাৰী মাহত ভ্ৰমণৰ বাবে সৰ্বোত্তম এই ঠাই