অসম

assam

ETV Bharat / bharat

এই মাহত পূৰ্ণিমাৰ সময়ত নিশাও খোলা থাকিব তাজমহল - Night view of Taj Mahal

শৰতৰ পূৰ্ণিমাৰ সময়ত চাৰি দিনৰ বাবে নিশা খোলা থাকিব প্ৰেমৰ চানেকী তাজমহল (Taj Mahal to open for night viewing)। পৰ্যটকসকলে শনিবাৰৰ পৰা মঙলবাৰলৈ নিশা দৰ্শন কৰিব পাৰিব তাজমহল । নিশা ৮.৩০ বজাৰ পৰা ১২.৩০ বজালৈ এই সুবিধা দিয়া হ'ব । অৱশ্যে আগতীয়াকৈ কৰিব লাগিব টিকট ।

Night view of Taj Mahal
এই মাহত পূৰ্ণিমাৰ সময়ত নিশাও খোলা থাকিব তাজমহল

By

Published : Oct 6, 2022, 11:18 AM IST

নেশ্যনেল ডেস্ক,৬ অক্টোবৰ :দিনৰ তাজমহল দেখিবলৈ যিমানে ধুনীয়া, জোনৰ পোহৰত ঐতিহাসিক স্মৃতিস্তম্ভটো দেখিবলৈ কোনো গুণে কম নহয় । আপোনাৰো মন আছে নেকি নিশাৰ তাজমহল চাবলৈ (Night view of Taj Mahal)? তেনেহ'লে এই মাহতে আহক তাজমহল চাবলৈ । শৰতৰ পূৰ্ণিমাৰ সময়ত চাৰি দিনৰ বাবে নিশাও পৰ্যটকৰ বাবে খোলা ৰখা হ'ব তাজমহল (Taj Mahal will be open during Sharad Purnima)।

পূৰ্ণিমাৰ সময়ত চাৰিদিন অৰ্থাৎ শনিবাৰৰ পৰা মঙলবাৰলৈ নিশাও পৰ্যটকে দৰ্শন কৰিব পাৰিব । অধীক্ষক তথা পুৰাতত্ত্ববিদ ৰাজকুমাৰ পেটেলে কয় যে শুকুৰবাৰে তাজমহল বন্ধ থকাৰ বাবে, পৰ্যটকসকলে শনিবাৰৰ পৰা মঙলবাৰলৈ দৰ্শন কৰিব পাৰিব । ভাৰতৰ পুৰাতাত্ত্বিক জৰীপ কাৰ্যালয়ৰ কাউণ্টাৰৰ পৰা টিকট ক্ৰয় কৰিব লাগিব । কিন্তু নিশাৰ দৰ্শনৰ তাৰিখৰ এদিন পূৰ্বে টিকট ক্ৰয় কৰিব লাগিব ।

উল্লেখ্য যে ৯/১০ অক্টোবৰৰ মাজনিশা শৰৎ কালৰ পূৰ্ণিমা । 'চামকি' নামৰ পৰিঘটনাটোৰ বাবে পূৰ্ণিমাৰ সময়ত চন্দ্ৰৰ পোহৰত তাজমহলৰ মাৰ্বলৰ উজ্জ্বলতা বৃদ্ধি পায় । ই দেখিবলৈ অধিক আকৰ্ষণীয় হৈ পৰে ।

তাজমহলৰ মাৰ্বলৰ এই সৌন্দৰ্য উপভোগ কৰিবলৈ ইতিমধ্যে দেশ-বিদেশৰ বহু পৰ্যটকৰ আগমন হৈছে । বিগত বছৰ, প্ৰতি মাহে পূৰ্ণিমাৰ সময়ত নিশা পাঁচ দিনৰ বাবে তাজমহল মুকলি আছিল । কিন্তু শৰতৰ পূৰ্ণিমাৰ সময়ত অধিক আকৰ্ষণীয় হয় তাজমহলটো ।

জানিব পৰা মতে নিশা দৰ্শনৰ সুবিধাটো কেৱল ৪০০ গৰাকী লোকৰ বাবে উপলব্ধ হ'ব । তেওঁলোকক ৮ টা শ্লটত বিভক্ত কৰা হ'ব । নিশা ৮.৩০ বজাৰ পৰা ১২.৩০ বজালৈ এই সুবিধা দিয়া হ'ব ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচনৰ পূৰ্বে তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ ৰাষ্ট্ৰীয় দল ঘোষণা

ABOUT THE AUTHOR

...view details