নেশ্যনেল ডেস্ক, ১৬ জুন: অৱশেষত পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ল ঐতিহাসিক তাজমহল(Tajmahal) । ভাৰতীয় পুৰাতাত্বিক জৰীপৰ(Archaeological Survey of India)ৰ আগ্ৰা চক্ৰৰ অধীক্ষক পুৰাতত্ববিদ বসন্ত কুমাৰ স্বৰ্ণকাৰে মঙলবাৰে জনাইছিল যে, ভাৰতীয় পুৰাতাত্বিক জৰীপৰ তত্বাৱধানত থকা অন্যান্য স্মৃতিশৌধসমূহৰ ভিতৰত তাজমহল বুধবাৰৰ পৰা পুনৰ মুকলি হ'ব ।
স্বৰ্ণকাৰে লগতে কয় যে, তাজমহলত পৰ্যটক(Tourist)ৰ প্ৰৱেশৰ সময়ত ক'ভিড প্ৰট'কল মানি চলা হ'ব । কেৱল অনলাইন টিকটৰ জৰিয়তেহে প্ৰৱেশৰ অনুমতি দিয়া হ'ব আৰু মাস্ক অবিহনে কোনো লোককে প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব বুলি তেওঁ জানিবলৈ দিয়ে ।