অসম

assam

ETV Bharat / bharat

Jan Suvidha Kendra in Taj Mahal: তাজমহলত পৰ্যটকৰ সুবিধাৰ্থে মুকলি কৰা হ'ব জন সুবিধা কেন্দ্ৰ - Taj Mahal Online Tickets

বিভিন্ন সময়ত তাজমহললৈ যোৱা পৰ্যটকসকলে বহু সমস্যাৰ সন্মুখীন হয় । বিশেষ টিকট ক্ৰয়ৰ ক্ষেত্ৰত দুষ্টচক্ৰৰ প্ৰৱঞ্চনাৰো বলি হয় । যাৰ বাবে তাজমহলত অনলাইন টিকট মুকলি কৰিবলৈ জন সুবিধা কেন্দ্ৰ আৰম্ভ কৰা হ'ব ।

Jan Suvidha Kendra in Taj Mahal
তাজমহলত পৰ্যটকৰ সুবিধাৰ্থে মুকলি কৰা হ'ব জন সুবিধা কেন্দ্ৰ

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 1:07 PM IST

নেশ্যনেল ডেস্ক, ২৮ আগষ্ট :প্ৰেমৰ প্ৰতীক তাজমহল প্ৰতিগৰাকী পৰ্যটকৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু । প্ৰতিবছৰে লাখ লাখ পৰ্যটকে তাজমহলত ভিৰ কৰে । পৰ্যটকসকলৰ বাবে ভাল খবৰ । এইবাৰ পৰ্যটকসকলৰ সুবিধাৰ্থে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এতিয়াৰে পৰা জন সুবিধা কেন্দ্ৰত অনলাইন টিকট মুকলি কৰা হ'ব । য'ত তাজমহললৈ অহা পৰ্যটকসকলে অনলাইনত প্ৰৱেশৰ বাবে টিকট ক্ৰয় কৰিবলৈ সক্ষম হ'ব । ৫ টাকৈ জন সুবিধা কেন্দ্ৰ পৰিচালনা কৰা হ'ব ।

তাজমহলত পৰ্যটকৰ সুবিধাৰ্থে মুকলি কৰা হ'ব জন সুবিধা কেন্দ্ৰ

দেওবাৰে সন্ধিয়া পৰ্যটন আৰক্ষী থানাত আগ্ৰাৰ নাগৰিক সমাজ আৰু এচিপি আৰিব আহমেদৰ এখন বৈঠক অনুষ্ঠিত হয় । যাতে আগ্ৰালৈ অহা পৰ্যটকসকলে ইয়াৰ পৰা সুবিধা লাভ কৰি ভ্ৰমণৰ অভিজ্ঞতা স্মৰণীয় কৰিব পাৰে তাৰ বাবে এই পদক্ষেপ লোৱা হৈছে । বৈঠকত দুৰ্বৃত্ত আৰু অবৈধ টুৰিষ্ট গাইডসকলৰ বিৰুদ্ধে ব্যৱস্থা তীব্ৰতৰ কৰাৰ দাবীও উত্থাপন কৰা হয় ।

উল্লেখ্য যে প্ৰতিদিনে হাজাৰ হাজাৰ দেশী আৰু বিদেশী অতিথি আগ্ৰালৈ আহে । তাজমহলৰ লগতে আগ্ৰা ফৰ্ট, চিকান্দ্ৰা, ইতমাদ-উদ-দৌলা আদিও তেওঁলোকে ভ্ৰমণ কৰে । প্ৰতিটো পৰ্যটন ক্ষেত্ৰতে পৰ্যটকৰ বাবে প্ৰৱেশ টিকট অনলাইনত উপলব্ধ । অৱশ্যে, তাজমহললৈ অহা পৰ্যটকৰ সংখ্যা অধিক হোৱাৰ বাবে পৰ্যটকসকল টিকটক লৈ চিন্তিত হৈ পৰা দেখা যায় । আনকি তেওঁলোক প্ৰৱঞ্চনাৰো সন্মুখীন হয় ।

এচিপি আৰিব আহমেদে কয় যে, তাজৰ পূব গেট আৰু পশ্চিম গেটৰ সৈতে শিল্পগ্ৰামত জন সুবিধা কেন্দ্ৰসমূহ পৰিচালনা কৰা হ'ব । য'ত তাজৰ প্ৰৱেশ টিকটো কিউআৰ কোডৰ জৰিয়তে উপলব্ধ কৰা হ'ব । যাতে পৰ্যটকসকলৰ কোনো অসুবিধা নহয় । তেওঁলোকে টিকটৰ হাবাথুৰি খাব নালাগে । ইয়াৰ লগতে, পৰ্যটকসকলে অধিক ব্যয় আৰু ক'লা বজাৰৰ পৰা টিকট ক্ৰয় কৰিবও নালাগে । জন সুবিধা কেন্দ্ৰ পৰিচালনা কৰা উপৰিও নাগৰিক সমাজে আৰক্ষীক আন কামত সহায় কৰিবলৈ সাজু বুলি এচিপিগৰাকীয়ে উল্লেখ কৰে ।

আৰক্ষী বিষয়াগৰাকীৰ মতে আৰক্ষীয়ে তাজমহললৈ অহা পৰ্যটকসকলক সুৰক্ষা দিয়া আৰু তেওঁলোকক উপলব্ধ সুবিধা আৰু সঠিক তথ্য প্ৰদান কৰাৰ দায়িত্বত নিয়োজিত হৈ আছে । তাজমহলৰ টিকট ক'ত পাব ? গল্ফ কাৰ্টৰ বাবে ধন কিমান হ'ব ? এই তথ্য সামাজিক মাধ্যমৰ প্লেটফৰ্মতো আপলোড কৰা হ'ব । যাতে পৰ্যটকসকল প্ৰতিটো তথ্যৰ সৈতে আপডেট হৈ থাকে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

নাগৰিক সমাজ আৰু তাজ সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষীৰ মাজত হোৱা বৈঠকত পৰ্যটকৰ বয়-বস্তুৰ সংৰক্ষণ, গল্ফ কাৰ্টৰ সংখ্যা বৃদ্ধি, নতুন বাছ নোপোৱালৈকে ই-ৰিক্সা ব্যৱহাৰৰ অনুমতি দিয়াৰ ব্যৱস্থাৰ বিষয়েও আলোচনা কৰা হয় । নাগৰিকসকলৰ সজাগতাৰ বাবেও বিশেষ পদক্ষেপ লোৱা হ'ব । শিশুৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব । বিদ্যালয় পৰ্যায়ৰ পৰাই নাগৰিকসকলক পৰ্যটনৰ দিশত সংযোগ কৰিবলৈ চেষ্টা কৰা হ'ব । বৈঠকত প্ৰাক্তন পৰিষদ শিৰোমণি সিং, অনিল শৰ্মা, ৰাজীৱ চাক্সেনা আৰু অন্যান্য বিশিষ্ট নাগৰিকসকল উপস্থিত থাকে ।

লগতে পঢ়ক :Khalistan supporters protest: দিল্লীৰ মেট্ৰ' ষ্টেচনত শিখছ ফৰ জাষ্টিছে লিখিলে 'খালিস্তান জিন্দাবাদ' !

ABOUT THE AUTHOR

...view details