নেশ্যনেল ডেস্ক, ১৬ জুলাই: ধৰ্ষণ কাণ্ডৰে নাম সাঙোৰ খাইছে প্ৰয়াত গুলছন কুমাৰ(Gulshan Kumar)ৰ পুত্ৰ তথা টি-ছিৰিজ(T-Series company)ৰ পৰিচালন সঞ্চালক ভূষণ কুমাৰ(Bhushan Kumar)ৰ । শুকুৰবাৰে এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে, এগৰাকী মহিলাই ভূষণ কুমাৰৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে । মহিলাগৰাকীয়ে পশ্চিম আন্ধেৰীৰ ডি এন নগৰ আৰক্ষী চকীত অভিযোগ দাখিল কৰে । তেওঁৰ অভিযোগৰ ভিত্তিতে শুকুৰবাৰে আৰক্ষীয়ে প্ৰযোজকগৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে ।
৩০ বছৰীয়া মহিলাগৰাকীৰ অভিযোগ অনুসৰি ভূষণ কুমাৰে নিজৰ কোম্পানীৰ কিছুমান প্ৰকল্পত চাকৰিৰ প্ৰলোভন দি ভূষণ কুমাৰে শাৰীৰিক নিৰ্যাতন চলাইছিল । আৰক্ষীয়ে জনোৱা মতে, মহিলাগৰাকীয়ে অভিযোগ তুলিছে যে, ভূষণ কুমাৰে তেওঁক প্ৰতাৰণা কৰিছে । সেয়ে, তেওঁ আৰক্ষীৰ কাষ চাপিছে । ভাৰতীয় দণ্ডবিধিৰ ৩৭৬(ধৰ্ষণ)নং, ৪২০(প্ৰৱঞ্চনা) নং আৰু ৫০৬ (অপৰাধমূলক ভাবুকি)নং ধাৰাৰ অধীনত ভূষণ কুমাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিছে ।