নেশ্য়নেল ডেস্ক ,৬ছেপ্টেম্বৰ:কলকাতাৰ শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰত(Syama Prasad Mukerjee Port)সোমবাৰে বৃহৎ পৰিমাণৰ কয়লা কঢ়িয়াই অনাৰ ক্ষেত্ৰত এক ইতিহাস ৰচনা হৈছে । এই বন্দৰটোত প্ৰায় ১,৭০,০০০ টন ওজনৰ কয়লা কঢ়িয়াই অনা এখন বিশাল জাহাজ সাগৰ এংকৰেজত লংগৰ পেলোৱা হয় ।
উল্লেখ্য় যে এমভি মিনাৰেল য়াংফান(MV Mineral Yangfan)নামৰ জাহাজখনৰ দৈৰ্ঘ্য প্ৰায় ৩০০ মিটাৰ আৰু ৫০ মিটাৰ বহল । তদুপৰি জাহাজখনৰ ওজন প্ৰায় 70,300 মেট্ৰিক টন । এই জাহাজখনত দুখন ফুটবল খেলপথাৰ আয়তনৰ সমান ।
জানিব পৰা মতে,এই ওজনৰ এটা পাৰ্চেল জাহাজ কলকাতা বন্দৰত প্ৰথমবাৰৰ বাবে উপস্থিত হৈছে । শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰ কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি এই জাহাজখনে ভাৰতীয় ষ্টীল কৰ্তৃপক্ষৰ(Steel Authority of India)দ্বাৰা বিক্ৰীৰ বাবে কেঁচা কয়লা আনিছে । কিন্তু আটাইতকৈ আচৰিত কথাটো হ'ল যে এই জাহাজখনৰ পৰা সামগ্ৰীখিনি নমাবলৈ সপ্তাহৰ প্ৰয়োজন হ'ব । সূত্ৰ অনুসৰি হালদিয়া ৰেল কৰ্তৃপক্ষৰ (Haldia Railway Authority)উদ্যোগত কলকাতা বন্দৰ কৰ্তৃপক্ষই কয়লাখিনি নমাই আছে ।