নেশ্যনেল ডেস্ক,১৫ জুলাই :দিল্লীৰ মাজেৰে যোৱা যমুনা নদীৰ জলস্তৰ কিছু হ্ৰাস পাইছে । ইতিমধ্যে কেইবাটাও অঞ্চলত কালৰূপ ধাৰণ কৰা যমুনাৰ জলস্তৰ শনিবাৰে পুৱাৰে পৰা কিছু হ্ৰাস হোৱা দেখা গৈছে । অৱশ্যে প্ৰতি ঘণ্টাত মাত্ৰ কেই ছেণ্টিমিটাৰমানকৈহে নিম্নগামী হৈছে জলস্তৰ । এতিয়াও বিপদসীমাৰ পৰা দুই মিটাৰ ওপৰেৰে বৈ আছে যমুনা নদী ।
জলস্তৰ নিম্নগামী হোৱাৰ লগে লগে দিল্লীবাসীয়ে কিছু সকাহ পাইছিল যদিও বতৰ বিজ্ঞান বিভাগৰ আগজাননীয়ে পুনৰ চিন্তিত কৰি তুলিছে দিল্লীবাসীক । ৰাজধানী আৰু সমীপৰ অঞ্চলত অধিক বৰষুণৰ ভৱিষ্যতবাণী সঁচা হ'লে পৰিস্থিতি অধিক অৱনতি হোৱাৰ আশংকা কৰা হৈছে । কেন্দ্ৰীয় জল আয়োগৰ বান নিৰীক্ষণ পৰ্টেলৰ মতে বৃহস্পতিবাৰে নিশা ৮ বজাত যমুনাৰ জলস্তৰ ২০৮.৬৬ মিটাৰ শীৰ্ষৰ পৰা শনিবাৰে পুৱা ৭ বজালৈ ২০৭.৬২ মিটাৰলৈ হ্ৰাস পাইছে ।
যোৱা দুদিনত হাৰিয়ানাৰ যমুনানগৰৰ হাথনিকুণ্ড বেৰেজৰ পৰা জলপ্ৰবাহৰ হাৰ হ্ৰাস হোৱাৰ উপৰিও আগন্তুক দিনত ই অধিক হ্ৰাস হোৱাৰ সম্ভাৱনা আছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে অহা দুদিনত চহৰখনত কম বেছি পৰিমাণে বৰষুণ আৰু পৰৱৰ্তী ৫ দিনত উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । যদি এনে হয় তেনেহ'লে নদীৰ জলস্তৰ পুনৰ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে ।