নেশ্যনেল ডেস্ক, 22 আগষ্ট:ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ মুৰব্বীয়ে নাবালক ধৰ্ষণৰ বলি হোৱা মহিলাৰ মাতৃক সাক্ষাৎ কৰিব পাৰে তেন্তে দিল্লী মহিলা আয়োগৰ অধ্যক্ষক আৰক্ষীয়ে কিয় বাধা দিব বুলি প্ৰশ্ন উত্থাপন কৰে আয়োগৰ মুৰব্বী স্বাতী মালিৱালে ৷ ভুক্তভোগী কিশোৰীগৰাকী ভৰ্তি হৈ থকা দিল্লী চিকিৎসালয়ৰ বাহিৰত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছে আয়োগৰ মুৰব্বী স্বাতী মালিৱালে । সোমবাৰে দুপৰীয়া 12 বজাৰ পৰা চিকিৎসালয়খনত অনশনত বহা স্বাতী মালিৱালে দিল্লী আৰক্ষীয়ে তেওঁৰ পৰা কি লুকুৱাবলৈ চেষ্টা কৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰে ৷
"মই চিকিৎসালয়ৰ বাহিৰত বহি ভুক্তভোগী ছোৱালীজনীক বা তাইৰ পৰিয়ালক লগ কৰিবলৈ বহি আছো । ৰাতি চিকিৎসালয়ৰ বাহিৰত শুইছো । ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ আগত ভুক্তভোগীৰ মাকক চিনাকি কৰাই দিব পাৰি, কিন্তু মোক কিয় লগ কৰিবলৈ দিয়া হোৱা নাই ? আপুনি কি লুকুৱাবলৈ চেষ্টা কৰিছে ?" পূৰ্বতে টুইটাৰ নামেৰে জনাজাত ‘X’ সামাজিক মাধ্যমত স্বাতীয়ে এনেদৰে ক্ষোভ ব্যক্ত কৰে ৷ চিকিৎসালয়ৰ চৌহদৰ পৰা তেওঁ নিজৰ এখন ছবিও শ্বেয়াৰ কৰে ।
স্বাতীয়ে আন এটা পোষ্টত কয়, "যদি তেওঁ (স্বাতী মালিৱাল) লগ কৰিবলৈ নাহে, তেন্তে তেওঁলোকে কব যে তেওঁ লগ কৰিবলৈ অহা নাছিল । ৰাজনীতি কৰক, বহুত কৰক । কিন্তু (আমাৰ) ছোৱালীবোৰৰ ওপৰত নহয় !"
ঘটনা সন্দৰ্ভত অভিযুক্ত মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উপ-সঞ্চালক প্ৰেমোদয় খাখাক পদৰ পৰা নিলম্বন কৰা হয় । উত্তৰ দিল্লীৰ বুৰাৰীত বাৰে বাৰে দ্বাদশ শ্ৰেণীৰ ছাত্ৰী নাবালিকাগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগত POCSO Act ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে খাখাৰ বিৰুদ্ধে ।