নেশ্যনেল ডেস্ক,১৬ মাৰ্চ:শেহতীয়াকৈ পশ্চিমবংগত ৰাজনীতি গৰম হৈ থকা দেখিবলৈ পোৱা গৈছে । তৃণমূল কংগ্ৰেছৰ লগতে বিৰোধী বিজেপি দলেও নিৰ্বাচনৰ বাবে লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ভাৰতীয় জনতা পাৰ্টীয়ে লোকসভা আৰু ৰাজ্যসভাৰ প্ৰভাৱশালী সাংসদসকলক বিধানসভা নিৰ্বাচনৰ প্ৰতিযোগিতাৰ খেলপথাৰত পঠিয়াইছে । শেহতীয়াকৈ ৰাজ্যসভাৰ সাংসদ স্বপন দাসগুপ্তাক বিজেপিয়ে হুগলী জিলাৰ তাৰকেশ্বৰ বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।
ইয়াৰ পিছতে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল । তেওঁৰ ৰাজ্যসভাৰ সদস্য পদৰ বৈধতা সন্দৰ্ভত টিএমচিয়ে বিভিন্ন ধৰণে তেওঁক সমালোচনা কৰা দেখা গৈছে । তৃণমূল কংগ্ৰেছে দাসগুপ্তাৰ প্ৰাৰ্থিত্বক লৈ বিতৰ্ক সৃষ্টি কৰাৰ মাজতে তেওঁ ত্যাগ কৰে ৰাজ্যসভাৰ পদ । ইতিমধ্যে সাংসদ গৰাকীয়ে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে সদনৰ অধ্যক্ষলৈ । অৱশ্যে ইয়াক এতিয়াও গ্ৰহণ কৰা হোৱা নাই । শেহতীয়াকৈ তৃণমূল কংগ্ৰেছৰ প্ৰশ্নৰ উত্তৰত তেওঁ একো নকওঁ বুলি কৈছিল যদিও এটা কথা নিশ্চিত কৰিছিল যে মনোনয়নৰ আগতে তেওঁ এই বিতৰ্কৰ অৱসান ঘটাব ।