নেশ্যনেল ডেস্ক, 27 আগষ্ট :'আন কোনো ব্যক্তিয়ে চন্দ্ৰলৈ গৈ জিহাদ আৰম্ভ কৰাৰ পূৰ্বে আৰু ইছলামী মৌলবাদ আৰু সন্ত্ৰাসবাদ বিয়পোৱাৰ পূৰ্বেই, চন্দ্ৰক হিন্দু সনাতন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা উচিত আৰু শিৱ শক্তি পইণ্টক ইয়াৰ ৰাজধানী হিচাপে ঘোষণা কৰক ৷"অখিল ভাৰত হিন্দু মহাসভাৰ ৰাষ্ট্ৰীয় সভাপতি স্বামী চক্ৰপাণিয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি এই আহ্বান জনায় ৷
দেওবাৰে অখিল ভাৰত হিন্দু মহাসভাৰ ৰাষ্ট্ৰীয় সভাপতি স্বামী চক্ৰপাণিয়ে এক ভিডিঅ' বিবৃতিযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চন্দ্ৰযান-3 ৰ সফলতাৰ বাবে আৰু অৱতৰণ কৰা স্থানক 'শিৱ শক্তি পইণ্ট' হিচাপে নামকৰণ কৰাৰ বাবে অভিনন্দন জনায় ৷
লগতে স্বামীয়ে কয়, "মই বিচাৰো যে আন কোনো আদৰ্শৰ মানুহে চন্দ্ৰক গজৱা-ই-হিন্দলৈ পৰিৱৰ্তন কৰাৰ পূৰ্বে, চন্দ্ৰক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ বাবে সংসদত এক প্ৰস্তাৱ গৃহীত কৰা উচিত ৷ লগতে শিৱ শক্তি পইণ্টক ইয়াৰ ৰাজধানী হিচাপে পৰিগণিত কৰা উচিত ৷"