নিউজ ডেস্ক, ২ জানুৱাৰী : বৰ্তমান সময়ত সততে উচ্চাৰিত হয় সততা আৰু বিশ্বাসৰ অৱক্ষয়ৰ কথা । কিন্তু এতিয়াও যে মানুহৰ মাজত সততা আৰু বিশ্বাসযোগ্যতা অটুট আছে তাৰেই এক শেহতীয়া নিদৰ্শন পোহৰলৈ আহিছে । সততা আৰু বিশ্বাসক প্ৰকাশ কৰা এই কাহিনীটো হৈছে আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় (Sardar Vallabhbhai Patel International Airport, SVPIA) বিমানবন্দৰৰ ।
SVPIA-ৰ এজন গৃহ পৰিচাৰক কৰ্মচাৰীয়ে প্ৰায় 45 লাখ টকা মূল্যৰ প্ৰায় 800 গ্ৰাম ওজনৰ সোণ শুল্ক বিষয়াসকলক প্ৰদান কৰে । উল্লিখিত মূল্যৰ সোণৰ ব্ৰেচলেট এডাল কৰ্মচাৰীগৰাকীয়ে পাইছিল বিমানবন্দৰটোৰ প্ৰসাধন কক্ষত । পিছত তেওঁ উক্ত সোণৰ প্ৰতি কোনো ধৰণৰ লোভ নেদেখুৱাই সেইডাল বিমানবন্দৰৰ শুল্ক বিষয়াৰ হাতত অৰ্পণ কৰে (Airport worker handed over gold to customs officials) ।
ঘটনাটো দেওবাৰে SVPI বিমানবন্দৰৰ আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেলত সংঘটিত হৈছিল । বিমানবন্দৰটোত হাউছকিপিং ছুপাৰভাইজাৰ হিচাপে কাম কৰা হৰবিন্দৰ নাৰুকাই শৌচালয়বোৰ সঠিকভাৱে পৰিষ্কাৰ কৰা হৈছেনে নাই পৰীক্ষা কৰি আছিল । সেই সময়তে তেওঁ লক্ষ্য কৰে যে ফ্লাশ্ব টেংকৰ ঢাকনিখন খোলা অৱস্থাত আছিল । সেইটো তেওঁ পৰীক্ষা কৰাৰ লগে লগে তাত তেওঁ দুটা প্লাষ্টিকৰ মোনা লাভ কৰে । তাতেই দুডাল সোণৰ ব্ৰেচলেট আছিল । যাৰ ওজন পিছত 400 গ্ৰাম বুলি জানিব পৰা যায় ।
হৰবিন্দৰ নাৰুকাৰ মতে, আবু ধাবিলৈ যোৱা বিমানখন (flight to Abu Dhabi) শৌচাগাৰ পৰীক্ষা কৰাৰ আগতে উপস্থিত হৈছিল আৰু সন্দেহ কৰা হৈছে যে কোনো যাত্ৰীয়ে সোণখিনি তাত ৰাখিছিল । অৱশ্যে উক্ত সোণ কোনে আনিছিল আৰু কোনে ইয়াক শৌচাগাৰত ৰাখিছিল সেই বিষয়ে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই । ইফালে তেওঁৰ সততাৰ প্ৰশংসা কৰি বিমানবন্দৰ পৰিচালনা কৰ্তৃপক্ষই হৰবিন্দৰক তেওঁৰ কামৰ বাবে সন্মানৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে (certificate of honour) ।
লগতে পঢ়ক :Another explosion in Rajouri: ৰাজৌৰীত পুনৰ বিস্ফোৰণ হৈ এজনৰ মৃত্যু, 5 জন আহত