অসম

assam

ETV Bharat / bharat

মমতা চৰকাৰৰ বিমান অধিগ্ৰহণৰ সিদ্ধান্তক সমালোচনা সুভেন্দু অধিকাৰীৰ

মমতা বেনাৰ্জী চৰকাৰক বুধবাৰে তীব্ৰ ভাষাৰে সমালোচনা কৰে বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীয়ে । মুখ্যমন্ত্ৰীক সমালোচনা কৰি সুভেন্দু অধিকাৰীয়ে কয় যে, এজন ভুৱা বিষয়াই চলোৱা ভুৱা টীকাকৰণৰ ফলত ক্ষতিগ্ৰস্ত ৰাজ্যৰ মুৰব্বীয়ে এতিয়া ভ্ৰান্ত বিমান চলাব বিচাৰে ।

By

Published : Jun 30, 2021, 10:26 PM IST

Suvendu Adhikari
মমতা চৰকাৰৰ বিমান অধিগ্ৰহণৰ সিদ্ধান্তক সমালোচনা সুভেন্দু অধিকাৰীৰ

নেশ্যনেল ডেস্ক, ৩০ জুন :পশ্চিমবংগ চৰকাৰে মুখ্যমন্ত্ৰী ভ্ৰমণ সূচল কৰিবলৈ অধিগ্ৰহণ কৰিব এখন বিমান । পৰিবহণ আন্তঃগাঁথনি উন্নয়ন নিগম (WBTIDC) লিমিটেডে ইতিমধ্যে এখন সৰু, স্থিৰ দুটা ইঞ্জিনৰ বিমানৰ বাবে নিম্নতম আসন ক্ষমতাৰ সৈতে এটা ই-টেণ্ডাৰ(e-Tender) আমন্ত্ৰণমূলক নিবিদা প্ৰস্তুত কৰিছে যাৰ নিম্নতম আসন ক্ষমতা সাতৰ পৰা নজন যাত্ৰীৰ বাবে হ'ব । মুখ্যমন্ত্ৰীৰ দ্ৰুত গতিবিধি নিশ্চিত কৰাৰ বাবে দীৰ্ঘম্যাদী লীজত এখন বিমান ভাড়া কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে এই পদক্ষেপ লোৱা হয় ।

চৰকাৰৰ এনে সিদ্ধান্তৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যখনত । বিৰোধী দল বিজেপি আৰু আন আন দলসমূহেও টিএমচি চৰকাৰক সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে । মমতা বেনাৰ্জী চৰকাৰক বুধবাৰে তীব্ৰ ভাষাৰে সমালোচনা কৰে বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীয়ে । মুখ্যমন্ত্ৰীক সমালোচনা কৰি সুভেন্দু অধিকাৰীয়ে কয় যে, এজন ভুৱা বিষয়াই চলোৱা ভুৱা টীকাকৰণৰ (fake vaccination) ফলত ক্ষতিগ্ৰস্ত ৰাজ্যৰ মুৰব্বীয়ে এতিয়া ভ্ৰান্ত বিমান চলাব বিচাৰে ।

টুইটাৰত এখন নিবিদা জাননী শ্বেয়াৰ কৰি অধিকাৰীয়ে প্ৰশ্ন কৰি কয় যে, স্বঘোষিত প্ৰধানমন্ত্ৰীৰ বাবে এয়া পুষ্পক ৰথ (Pushpak Rath) নেকি ? হেলিকপ্টাৰৰ পৰিসৰত অসন্তুষ্ট হৈ ১০ খন আসনৰ এয়াৰপ্লেন অধিগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । আগন্তুক লোকসভা নিৰ্বাচনী প্ৰচাৰৰ বাবে সমগ্ৰ দেশৰ আকৰ্ষণীয় ক্ৰিচক্ৰছিঙৰ বাবে সুবিধাজনক হ'বনে ? লগতে এয়া চৰকাৰী ব্যয়ত অধিগ্ৰহণ কৰা হ'ব নেকি বুলিও প্ৰশ্ন কৰে ।

অধিকাৰীয়ে শ্বেয়াৰ কৰা নিবিদা জাননী অনুসৰি পশ্চিমবংগ চৰকাৰে অভিজ্ঞ আৰু দক্ষ অ-অনুসূচীত বিমান অপাৰেটৰৰ পৰা নিবিদা বিচাৰিছে । লগতে নিম্নতম ৮-১০ জন যাত্ৰী বহাৰ ক্ষমতা থকা এখন স্থিৰ-উইং টুইন-ইঞ্জিন বিমান অন্তৰ্ভুক্তি আৰু পৰিচালনাৰ বাবে বিমান সেৱা পৰিচালনাৰ নিম্নতম পাঁচ বছৰৰ অভিজ্ঞতাও বিচৰা হৈছে ।

ইফালে এক সূত্ৰ মতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰশাসনিক সভাৰ অধ্যক্ষতা কৰিবলৈ আৰু চলিত প্ৰকল্পসমূহৰ অগ্ৰগতি তদাৰক কৰিবলৈ উত্তৰ বংগৰ জিলাসমূহলৈ সঘনাই ভ্ৰমণ কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । কলকাতাৰ পৰা উত্তৰ বংগলৈ ৰেল বা পথ যাত্ৰাত যথেষ্ট সময়ৰ প্ৰয়োজন হয় । যাৰ বাবে প্ৰায়ে মুখ্যমন্ত্ৰীৰ সময়সূচীত পলম হয় ।

লগতে পঢ়ক :60 টা ম’বাইল এপ প্ৰস্তুত কৰি চৰ্চিত হৈছে ছাত্ৰী ঈশাল

ABOUT THE AUTHOR

...view details