অসম

assam

ETV Bharat / bharat

পশ্চিমবংগত বিজেপিৰ ভোট বেংক নিয়ন্ত্ৰণ কোনেও কৰিব নোৱাৰে : সুভেন্দু অধিকাৰী - পশ্চিমবংগ ৰাজনীতি

পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ(Trinamool Congress)ৰ সাংসদ অভিষেক বেনাৰ্জী(Abhishek Banerjee) আৰু বিজেপি নেতা সুভেন্দু অধিকাৰী(Suvendu Adhikari)ৰ মাজৰ বাকযুদ্ধ তুংগত উঠিছে । অভিষেক বেনাৰ্জীয়ে বিজেপি(Bharatiya Janata Party) দলৰ একতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি দলটোক সমালোচনা কৰাৰ পিছতেই সুভেন্দু অধিকাৰীয়ে বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । বিজেপি নেতা অধিকাৰীয়ে কয় যে, আন কোনো শক্তিয়ে বিজেপিৰ ভোট বেংক নিয়ন্ত্ৰণ কৰিব নোৱাৰে ।

Suvendu Adhikari lashes out at Abhishek Banerjee
অভিষেক বেনাৰ্জীৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ সুভেন্দু অধিকাৰীৰ

By

Published : Sep 24, 2021, 4:33 PM IST

নেশ্যনেল ডেস্ক, ২৪ ছেপ্টেম্বৰ: "তৃণমূল কংগ্ৰেছৰ নিজা কোনো নেতা নাই । সেয়ে, তেওঁলোকে বিজেপি দলৰ নেতাক নিজ দললৈ নিছে । কোনো ব্যক্তিয়ে সনাতন, অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ভোট নিয়ন্ত্ৰণ কৰিব নোৱাৰে" । তৃণমূল কংগ্ৰেছত যোগদান কৰা বিজেপিৰ নেতাসকলৰ বিষয়ে ক'বলৈ গৈ বৃহস্পতিবাৰে এই মন্তব্য কৰে তৃণমূল কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা সুভেন্দু অধিকাৰীয়ে ।

পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ(Trinamool Congress)ৰ সাংসদ অভিষেক বেনাৰ্জীৰ(Abhishek Banerjee) মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, আন কোনো শক্তিয়ে বিজেপিৰ ভোট বেংক নিয়ন্ত্ৰণ কৰিব নোৱাৰে । অভিষেক বেনাৰ্জীয়ে কৈছিল যে, তৃণমূল কংগ্ৰেছৰ দুৱাৰ মুকলি কৰি ৰাখিলে বিজেপি দল থানবান হ'ব ।

উল্লেখ্য যে, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰাক্তন সাংসদ বাবুল সুপ্ৰিয়, মুকুল ৰয় আৰু তিনিজন বিজেপি বিধায়কে শেহতীয়াকৈ তৃণমূল কংগ্ৰেছত যোগদান কৰিছে । প্ৰতিদ্বন্দী দলত যোগদান কৰা নেতাসকলৰ প্ৰসংগত অধিকাৰীয়ে কয় যে, সনাতন, অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ভোট আন কোনো ব্যক্তি বিশেষে নিয়ন্ত্ৰণ কৰিব নোৱাৰে । এই লোকসকল কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দ্বাৰাহে প্ৰভাৱিত হয় ।

আনহাতে, অভিষেক বেনাৰ্জীয়ে মুৰ্ছিদাবাদত এখন ৰাজনৈতিক সভাত কয় যে, বিজেপি নেতাসকলৰ বেছি সংখ্যক বিধায়কে তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত শাৰী পাতি আছে, কিন্তু কাৰ্যাযলয়ৰ দুৱাৰ তেওঁলোকৰ বাবে এতিয়াও বন্ধ হৈ আছে । যদি দুৱাৰ খুলি দিয়া হয়, তেন্তে বিজেপি দলৰ একতা ভংগ হ'ব বুলি তেওঁ মন্তব্য কৰে । প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন বিজেপি সাংসদ বাবুল সুপ্ৰিয়ই যোৱা ১৮ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল ।

লগতে পঢ়ক:দিল্লীৰ ৰোহিণী আদালত চৌহদত তিনিজনক গুলীয়াই হত্যা: দিল্লী আৰক্ষী

ABOUT THE AUTHOR

...view details