নেশ্যনেল ডেস্ক,৮ ডিচেম্বৰ :ৰাজস্থান বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ৫ দিন অতিক্ৰম কৰিলে । কিন্তু নিৰ্বাচনত জয়ী বিজেপিয়ে এতিয়ালৈ মুখ্যমন্ত্ৰী কোন হ'ব সেয়া নিশ্চিত কৰা পৰা নাই । কেৱল এয়াই নহয়, দলটোৱে এতিয়ালৈ বিধায়িনী দলৰ বৈঠকৰ বাবে পৰ্যবেক্ষকো নিযুক্ত কৰা নাই । ইফালে, দিল্লী ভ্ৰমণৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেই দলটোৰ শীৰ্ষ নেতাসকলক সাক্ষাৎ কৰিছে । বৃহস্পতিবাৰে নিশা ৰাজেই দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰে । আনহাতে সংসদীয় ব'ৰ্ডৰ বৈঠকৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা নিশা এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । ইফালে শুকুৰবাৰে ৩ খন ৰাজ্যত বিধায়িনী দলৰ বৈঠকৰ বাবে পৰ্যবেক্ষক নিযুক্ত কৰাৰ সম্ভাৱনা আছে ।
উল্লেখ্য যে ৰাজস্থানকে ধৰি ৩ খন ৰাজ্যত বৃহৎ সংখ্যাগৰিষ্ঠতাৰে বিজেপিয়ে নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হয় । কিন্তু এতিয়া মুখ্যমন্ত্ৰীৰ নামক লৈ দলটোৰ সন্মুখত বৃহৎ প্ৰশ্ন উত্থাপিত হৈছে । এতিয়ালৈ বিজেপিয়ে ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা নাই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দলটোত যাতে কোনো আভ্যন্তৰীণ বিদ্ৰোহ নহয় তাৰ বাবে নিৰন্তৰ সাক্ষাৎ কৰি আহিছে । বৃহস্পতিবাৰে সংসদীয় পৰিষদৰ বৈঠক অনুষ্ঠিত হয় কিন্তু তাতো কোনো সিদ্ধান্ত ল'ব পৰা নগ'ল ।