নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ :কলিতে মৰহিব নেকি I.N.D.I.A মিত্ৰজোঁট ! পাঁচ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ পাচতে প্ৰধানমন্ত্ৰী পদক লৈ সংঘাত আৰম্ভ হৈছে নেকি I.N.D.I.A মিত্ৰজোঁটত ! বিজেপিৰ নেতাসকলে কোৱাৰ দৰে আদৰ্শগত আৰু ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ বাবে I.N.D.I.Aৰ মিত্ৰজোঁটত ফাঁট মেলিব নেকি ! তাৰে যেন এখন ছবি প্ৰতিফলিত হৈছে লোকসভা নিৰ্বাচনৰ পূৰ্বে ৷কিয়নো, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে 6 ডিচেম্বৰ অৰ্থাৎ বুধবাৰে নতুন দিল্লীত আহ্বান জনাইছে I.N.D.I.A মিত্ৰজোঁটৰ এখন বৈঠক ৷ কিন্তু উক্ত বৈঠকক লৈ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ স্থিতিয়ে চিন্তিত কৰিছে কংগ্ৰেছক ৷
বিশেষকৈ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ভূমিকাক লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷ কাৰণ I.N.D.I.A মিত্ৰজোঁটৰ সভাসমূহত লোৱা কিছু কামৰ পৰা বিৰত আছে মুখ্যমন্ত্ৰীগৰাকী ৷ সেয়ে আগন্তুক কাৰ্যপন্থা সম্পৰ্কে আহ্বান কৰা সভাতো উপস্থিত নাথাকে বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ বিপৰীতে সভাত জে ডি ইউৰ হৈ অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি লালন সিং আৰু মন্ত্ৰী সঞ্জয় ঝা ৷