অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ চাম্বাত পুনৰ ৩ খন পাকিস্তানী ড্ৰোনৰ বিচৰণ

বৃহস্পতিবাৰে নিশা প্ৰায় ৮.৩০ বজাত বাৰী-ব্ৰহ্মা, চিলাডিয়া আৰু গগৱাল অঞ্চলত একেলগে দেখা গৈছে তিনিখনকৈ ড্ৰোণ । সীমান্ত সুৰক্ষা বাহিনীৰ (BSF) জোৱানসকলে পাকিস্তানৰ ফালে উভতি যোৱাৰ পূৰ্বে চিলাডিয়াৰ এটা ড্ৰোনৰ ফালে কেইবা ৰাউণ্ড গুলি চালনা কৰে ।

By

Published : Jul 30, 2021, 5:12 PM IST

Pak drones
চাম্বাত পুনৰ ৩ খন পাকিস্তানী ড্ৰোনৰ বিচৰণ

নেশ্যনেল ডেস্ক, ৩০ জুলাই :জম্মু-কাশ্মীৰত অব্যাহত আছে পাকিস্তানী সন্ত্ৰাসবাদীৰ (militants) কাৰ্যকলাপ । শেহতীয়াকৈ ড্ৰোনৰ (Drone) জৰিয়তে পাকিস্তানীসকলে ভাৰতীয় সেনা (Indian Army) আৰু ভাৰতৰ গতিবিধি নজৰ ৰাখিবলৈ আৰম্ভ কৰা দেখা গৈছে । যাৰ বাবে কিছুদিনৰ পৰা জম্মু-কাশ্মীৰৰ বহু স্থানত পাকিস্তানী ড্ৰোন দেখিবলৈ পোৱা গৈছে ।

এইবাৰ পুনৰ জম্মু-কাশ্মীৰৰ চাম্বা জিলাৰ তিনিটা পৃথক স্থানত সন্দেহযুক্ত পাকিস্তানী ড্ৰোন (Pakistani Drone) ঘূৰি থকা দেখিবলৈ পোৱা গৈছে । বৃহস্পতিবাৰে নিশা প্ৰায় ৮.৩০ বজাত বাৰী-ব্ৰহ্মা, চিলাডিয়া আৰু গগৱাল অঞ্চলত একেলগে ড্ৰোনবোৰ দেখা গৈছে । আৰক্ষী সূত্ৰই জনোৱা মতে সীমান্ত সুৰক্ষা বাহিনীৰ (BSF) জোৱানসকলে পাকিস্তানৰ ফালে উভতি যোৱাৰ পূৰ্বে চিলাডিয়াৰ এখন ড্ৰোনৰ ফালে কেইবা ৰাউণ্ড গুলী চালনা কৰিছিল । অৱশ্যে বাকী দুখন ড্ৰোন বাৰী ব্ৰহ্মানাত সংবেদনশীল নিৰাপত্তা স্থাপনা আৰু গগৱালৰ জম্মু-পাঠানকোট ঘাইপথৰ ওপৰেৰে ঘূৰি থকাৰ অলপ পিছতে আকাশৰ পৰা অদৃশ্য হৈ যায় ।

এই ঘটনাৰ পাছতে অধিক অনুসন্ধানৰ বাবে শীৰ্ষ বিষয়াসকল সেই স্থানলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে । ইয়াৰ ওচৰৰে কানাচকৰ সীমান্ত বেল্টত প্ৰায় এসপ্তাহ পূৰ্বে পাঁচ কিলোগ্ৰাম ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (IED) সামগ্ৰী কঢ়িয়াই নিয়া এখন পাকিস্তানী ড্ৰোনক আৰক্ষীয়ে গুলীবৰ্ষণ কৰি ধ্বংস কৰিছিল ।

উল্লেখ্য যে, ড্ৰোনৰ কাৰ্যকলাপ সন্দৰ্ভত ইতিমধ্যে ভাৰতৰ প্ৰতিৰক্ষা বিভাগে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে । ড্ৰোন পৰ্যৱেক্ষণ আৰু সেইবোৰ ধ্বংস কৰিবলৈ বিশেষ ইউনিটো স্থাপন কৰিছে সীমান্ত অঞ্চলত । ইফালে জম্মু-কাশ্মীৰৰ সীমান্ত অঞ্চলৰ বহু স্থানত ড্ৰোনৰ ব্যৱহাৰ, বিক্ৰী আদিও বন্ধ কৰা হৈছে ।

লক্ষণীয়ভাৱে পাকিস্তানী ড্ৰোনে সীমান্ত অঞ্চলত চলিত বছৰতে কেইবাটাও বিস্ফোৰণ সংঘটিত কৰিছে । যাৰ বাবে শংকিত হৈ পৰিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ (Rajnath Singh) লগতে সেনাৰ শীৰ্ষ বিষয়াসকল । অৱশ্যে এই ক্ষেত্ৰত সীমান্ত অঞ্চলত অনবৰতে সক্ৰিয় কৰি ৰখা হৈছে ভাৰতৰ নিৰাপত্তা বাহিনীক ।

লগতে পঢ়ক :ৰামদেৱৰ কৰ'নিল সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ শুনানি

ABOUT THE AUTHOR

...view details