অসম

assam

ETV Bharat / bharat

মটৰচাইকেলত গৈ থকা অৱস্থাতে জোৱানক গুলীয়ালে সন্দেহযুক্ত উগ্ৰপন্থীয়ে - সন্দেহযুক্ত উগ্ৰপন্থী

শ্ৰীনগৰ আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষৰ হেল্পলাইন ১১২ ত চালক হিচাপে কৰ্মৰত আৰক্ষীৰ জোৱান গোলাম হাছানক আজি পুৱাতেই আলি জান ৰোডৰ আইৱা দলঙৰ ওচৰতে সন্দেহযুক্ত উগ্ৰপন্থীয়ে গুলীয়াই থৈ যায় (Policeman shot at in Srinagar) ৷ আঘাতপ্ৰাপ্ত আৰক্ষী জোৱানজনক সংকটজনক অৱস্থাত বিশেষ চিকিৎসাৰ বাবে এছকেআইএমএছ সৌৰালৈ লৈ যোৱা হৈছে ৷

suspected-militants-shot-at-cop-in-srinagar
মটৰচাইকেল চলাই থকা অৱস্থাতে আৰক্ষী জোৱানক গুলীয়াই থৈ গ’ল সন্দেহযুক্ত উগ্ৰপন্থীয়ে !

By

Published : May 7, 2022, 5:48 PM IST

নেচনেল ডেস্ক, 7 মে’: সন্দেহযুক্ত উগ্ৰপন্থীয়ে শনিবাৰে শ্ৰীনগৰৰ আলি জান পথৰ কাষত অফ ডিউটিত থকা এগৰাকী জোৱানৰ ওপৰত গুলীচালনা কৰে (Off duty policeman fired at in Srinagar ) ৷ এই আক্ৰমণত তেওঁ গুৰুতৰভাৱে আহত হয় । এই সন্দৰ্ভত এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিছে যে, আহত আৰক্ষী বাহিনীৰ লোকজন আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষৰ হেল্পলাইন ১১২ ত চালক হিচাপে কাম কৰা গোলাম হাছান ৷

শনিবাৰে, পুৱাতেই আলি জান ৰোডৰ আইৱা দলঙৰ ওচৰত তেওঁলৈ লক্ষ্য কৰি গুলীচালনা কৰা হৈছিল (Cop shot at in Srinagar) ৷ এই আক্ৰমণৰ সময়ত গোলাম হাছানে এখন মটৰচাইকেলত যাত্ৰা কৰি আছিল । আঘাতপ্ৰাপ্ত আৰক্ষী জোৱানজনক সংকটজনক অৱস্থাত ততাতৈয়াকৈ এছকেআইএমএছ সৌৰা হাস্পতাললৈ চিকিৎসা প্ৰদানৰ বাবে লৈ যোৱা হয় ।

ইফালে, উগ্ৰপন্থীৰ দলটোৰ সন্ধানত সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি চলাইছে অভিযান । উল্লেখ্য যে, এই ঘটনাই এতিয়া সমগ্ৰ শ্ৰীনগৰতে চাঞ্চল্যৰ সৃষ্টি কৰিছে (Srinagar latest news ) ৷

লগতে পঢ়ক :ৰঙাঘৰৰ আলহী ৩ আইএএছ বিষয়া

ABOUT THE AUTHOR

...view details