অসম

assam

ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ সাতৱাৰীত পুনৰ সন্দেহজনক ড্ৰোণ প্ৰত্যক্ষ - অমিত শ্বাহ

জম্মু-কাশ্মীৰৰ সাতৱাৰী অঞ্চলত এখন সন্দেহজনক ড্ৰোণ দেখা গৈছে । অৱশ্যে এই সন্দৰ্ভত বিতং তথ্য এতিয়াও জানিব পৰা হোৱা নাই ।

Suspected drone spotted
কাশ্মীৰৰ সাতৱাৰীত পুনৰ সন্দেহজনক ড্ৰোন প্ৰত্যক্ষ

By

Published : Jul 21, 2021, 5:45 PM IST

নেশ্যনেল ডেস্ক, ২১ জুলাই : শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ বিভিন্ন স্থানত সন্দেহজনক ড্ৰোণ প্ৰত্যক্ষ কৰা হৈছে । আনকি ড্ৰোণৰ (Drone) জৰিয়তে সন্ত্ৰাসবাদীয়ে (Militants) বিস্ফোৰণৰ ঘটনাও সংঘটিত কৰিছে অঞ্চলটোত । ইফালে দেশৰ প্ৰতিৰক্ষা বিভাগ লগতে সেনাৰ (Army) বহু শীৰ্ষ বিষয়াই এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবে নিৰ্দেশ জাৰি কৰিছে । ইফালে সেই অঞ্চলত ড্ৰোণ আৰু উৰণ সামগ্ৰী বিক্ৰী, প্ৰচলন আদিত নিষেধাজ্ঞা জাৰি কৰা হৈছে ।

কিন্তু তাৰ মাজতে জম্মু-কাশ্মীৰত পুনৰ ড্ৰোণ প্ৰত্যক্ষ কৰা হৈছে । বুধবাৰে এক সূত্ৰই জনোৱা মতে জম্মু-কাশ্মীৰৰ সাতৱাৰী অঞ্চলত এখন সন্দেহজনক ড্ৰোণ দেখা গৈছে । অৱশ্যে এই সন্দৰ্ভত বিতং তথ্য এতিয়াও জানিব পৰা হোৱা নাই ।

ইয়াৰ পূৰ্বে ১৬ জুলাইত জম্মুৰ বিমান ঘাটিৰ চাৰিওফালে চলি থকা এখন ড্ৰোণ ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী বাহিনীৰ (NSG) দ্বাৰা নিয়োজিত ড্ৰোণ বিৰোধী প্ৰণালীৰ (anti drone system) ৰাডাৰে ধৰা পেলাবলৈ সক্ষম হয় ।

যোৱা মাহত জম্মুৰ বিমান ঘাটিত ড্ৰোণ আক্ৰমণ সংঘটিত হোৱাৰ পিছতে এনএছজিয়ে চহৰখনত এই ড্ৰোণ বিৰোধী প্ৰণালী স্থাপন কৰিছিল । ইফালে ভাৰতীয় বায়ু সেনাই (Indian Air Force) জম্মু আৰু সমগ্ৰ দেশৰ অন্যান্য গুৰুত্বপূৰ্ণ এয়াৰবেচত এনে ধৰণৰ যিকোনো আক্ৰমণ প্ৰতিহত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে । সৰু ড্ৰোণৰ ভাবুকিৰে মোকাবিলা কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

আনহাতে জম্মুত আক্ৰমণৰ পিছত সীমান্ত অঞ্চলত যথেষ্ট সংখ্যক ড্ৰোণ প্ৰত্যক্ষ কৰা হৈছে । ইয়াৰে বহু ড্ৰোণ সীমান্তত সেনা আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে (BSF) গুলীচালনা কৰি ধ্বংস কৰিছে । শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi), প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং (Rajnath Singh) আৰু গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) ড্ৰোণ আক্ৰমণৰ ঘটনাক গৰিহণা দিছে । লগতে সীমান্ত অঞ্চলত ড্ৰোণৰ কাৰ্য-কলাপ (Drone activity) বন্ধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :আফগান ৰাষ্ট্ৰদূতৰ কন্যাৰ অপৰহৰণত ভাৰতক সাঙুৰিলে পাকিস্তানে

ABOUT THE AUTHOR

...view details