অসম

assam

By

Published : Jun 29, 2021, 1:06 PM IST

Updated : Jun 29, 2021, 3:34 PM IST

ETV Bharat / bharat

পুনৰ জম্মুৰ আকাশত সন্দেহজনক ড্ৰোন

প্ৰধান মন্ত্ৰীৰে হোৱা সৰ্বদলীয় বৈঠকৰ পাচতে জম্মুৰ ভাৰতীয় বায়ু সেনাৰ (IAF) ঘাটিত আক্ৰমণ চলাইছে পাকিস্তানী সন্ত্ৰাসবাদীয়ে ৷ 26 আৰু 27 জুনৰ মাজনিশা দুখন ৰিম'ট-নিয়ন্ত্ৰিত ড্ৰোনেৰে বায়ু সেনাৰ ঘাটিলৈ বিস্ফোৰক নিক্ষেপ কৰিছিল আৰু পাঁচ মিনিটৰ ব্যৱধানত সংঘটিত এই বিস্ফোৰণত দুগৰাকী সেনা আহত হৈছিল।

Suspected drone activity spotted in Jammu again
পুনৰ জম্মুৰ আকাশত সন্দেহজনক ড্ৰোন

নেশ্যনেল, 29 জুন :পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ কুটাঘাতৰ লক্ষ্য হৈ পৰিছে জম্মু-কাশ্মীৰ । জম্মু আৰক্ষীৰ বিচক্ষণতাৰ বাবে এই লক্ষ্যত উপনীত নোৱাৰিলে উগ্ৰপন্থী সংগঠন । কিন্তু জম্মুৰ ৰত্নুচক-কালুচাক সামৰিক কেন্দ্ৰ (Ratansuk Kalusak military center) ত বিগত এটা দিনৰ পূৰ্বে সন্দেহজনক ড্ৰোন আক্ৰমণ বিফল হোৱাৰ এদিন পিছতে সোমবাৰে নিশা কুঞ্জৱানী অঞ্চলত পুনৰ জম্মুৰ আকাশত সন্দেহজনক ড্ৰোন (drone attack) দেখিবলৈ পোৱা গৈছিল বুলি এক সূত্ৰই জানিবলৈ দিয়ে । বিগত দুদিনত, জম্মুত কমেও চাৰিবাৰ ড্ৰোন আক্ৰমণ (drone attack)ৰ খবৰ পোৱা গৈছিল আৰু ইয়াৰ ভিতৰত দুখন ড্ৰোণৰ সামান্য ক্ষতি কৰাও হৈছিল ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ জনসম্পৰ্ক বিষয়া লেফটেনেণ্ট কৰ্ণেল দেৱেন্দ্ৰ আনন্দে সোমবাৰে এক চৰকাৰী বিবৃতিত জনোৱা মতে, ৰত্নুচক-কালুচাক সামৰিক অঞ্চল (Ratansuk Kalusak military area)ত আৰু দুখন সন্দেহজনক ড্ৰোণ দেখিবলৈ পোৱা গৈছিল ৷ লগে লগে, অঞ্চলটোত হাই এলাৰ্ট জাৰি কৰা হৈছিল আৰু কুইক ৰিএক্সন টীম (Quick reaction team) ৰ সহায়ত গুলীচালনা কৰি ড্ৰোণ কেইখন ধ্বংস কৰা হৈছে ৷

ঘটনা অনুসৰি, দেওবাৰে ৰাতিপুৱা জম্মু বায়ু সেনা (Jammu Air force) কেন্দ্ৰৰ কাৰিকৰী অঞ্চলত ড্ৰোনৰ দ্বাৰা দুটা বিস্ফোৰণ সংঘটিত কৰা হয় । এটা বিস্ফোৰণৰ ফলত অট্টালিকা এটাৰ সামান্য ক্ষতি লগতে আনটো বিস্ফোৰণ মুকলি অঞ্চলত হৈছিল বুলি ভাৰতীয় বায়ু সেনাই (Indian Air Force) জনায়। এই ঘটনাত বিশেষ ক্ষয়-ক্ষতি হোৱা নাই যদিও দুগৰাকী জোৱান সামান্য পৰিমানে আঘাট প্ৰাপ্ত হৈছে ৷

উল্লেখ্য যে, ভাৰতৰ ইতিহাসত এইটোৱে প্ৰথম ড্ৰোন আক্ৰমণ (drone attack) ৷ প্ৰধান মন্ত্ৰীৰে হোৱা সৰ্বদলীয় বৈঠকৰ পাচতে জম্মুৰ ভাৰতীয় বায়ু সেনাৰ (AIF) ঘাটিত আক্ৰমণ চলাইছে পাকিস্তানী সন্ত্ৰাসবাদীয়ে ৷ নিৰাপত্তা সংস্থাসমূহে জনোৱা মতে, জম্মুৰ ভাৰতীয় বায়ু সেনাৰ (AIF) ঘাটিত ড্ৰোন আক্ৰমণৰ বাবে শক্তিশালী বিস্ফোৰক সামগ্ৰীৰ লগতে IED ব্যৱহাৰ কৰা হৈছিল । 26 আৰু 27 জুনৰ মাজনিশা দুখন ৰিম'ট-নিয়ন্ত্ৰিত ড্ৰোনেৰে বায়ু সেনাৰ ঘাটিলৈ বিস্ফোৰক নিক্ষেপ কৰিছিল সন্ত্ৰাসবাদী সংগঠনে আৰু পাঁচ মিনিটৰ ব্যৱধানত সংঘটিত হোৱা এই বিস্ফোৰণত দুগৰাকী সেনা আহত হৈছিল।

লগতে পঢ়ক:জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী ২ সন্ত্ৰাসবাদী

Last Updated : Jun 29, 2021, 3:34 PM IST

ABOUT THE AUTHOR

...view details