অসম

assam

ETV Bharat / bharat

Motihari liquor news: সুৰাপান কৰি বিহাৰৰ মতিহাৰীত ২২ জনৰ মৃত্যু; গুৰুতৰভাৱে অসুস্থ বহুজন - বিহাৰৰ মতিহাৰী

বিহাৰত সুৰা সেৱনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 22 জনলৈ বৃদ্ধি পাইছে ৷ বিষাক্ত সুৰা সেৱনৰ ফলত লোক কেইজনৰ মৃত্যু হোৱাৰ সন্দেহ (Death due to drinking poisonous liquor in Motihari)।

spurious liquor
বিষাক্ত সুৰা সেৱন

By

Published : Apr 15, 2023, 9:48 PM IST

নেশ্যনেল ডেস্ক, 15 এপ্ৰিল :বিহাৰৰ মতিহাৰীত সংঘটিত সুৰাকাণ্ডত নিহতৰ সংখ্যা ২২ জনলৈ বৃদ্ধি পাইছে ৷ এক বেচৰকাৰী সূত্ৰই দাবী কৰিছে এই কথা । স্থানীয় লোকসকলে অভিযোগ কৰিছিল যে, বিষাক্ত সুৰা সেৱনৰ ফলত লোককেইজনৰ মৃত্যু হৈছে ৷ তেওঁলোকে লগতে জানিবলৈ দিয়ে যে, কেইবাজনো ৰোগীৰ পৰিয়ালৰ সদস্যই আৰক্ষীৰ ব্যৱস্থা গ্ৰহণৰ ভয়ত খৰখেদাকৈ মৃতদেহবোৰ সৎকাৰ কৰিছে (Motihari poisonous liquor death news) ।

তেওঁলোকে এইটোও কয় যে, মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে কিয়নো কেইবাজনো লোক বিভিন্ন স্থানত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে । স্থানীয় লোকে জানিবলৈ দিয়া মতে মৃত্যুৰ ধাৰাবাহিকতা বৃহস্পতিবাৰে নিশাৰ পৰা হৰসিদ্ধি আৰক্ষী থানা এলেকাত আৰম্ভ হৈ শনিবাৰলৈকে অব্যাহত আছে ।

অৱশ্যে, বেতিয়া ৰেঞ্জৰ ডিআইজি জয়াংক কান্তে কয় যে, এতিয়ালৈকে দুজন লোকসহ ১০ জনৰ অৱস্থা সংকটজনক আৰু ছয়জন লোকৰ মৃত্যু হৈছে । "তুৰ্কাউলিয়াৰ লক্ষ্মীপুৰ হট স্পট । গোচৰটোৰ সন্দৰ্ভত সাতজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে," তেওঁ লগতে কয় ।

সূত্ৰ সমূহে জনাইছে যে এতিয়ালৈকে মৃত্যু হোৱা ২২ জন লোকৰ ভিতৰত ১১ জন লোকৰ তুৰ্কাউলিয়া আৰক্ষী থানা অঞ্চলৰ লক্ষ্মীপুৰ গাঁৱত, ৩ জনৰ হৰসিদ্ধিত, ৩ জনৰ পাহাৰপুৰত আৰু ৫ জনৰ সুগাউলিত মৃত্যু হৈছে । কিন্তু এতিয়ালৈকে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক নিশ্চিয়তা লাভ কৰা হোৱা নাই (bihars motihari death news) ।

অৱশ্যে, চিকিৎসকসকলে জানিবলৈ দিয়া মতে ৰোগীসকল খাদ্যৰ বিষক্ৰিয়া আৰু ডায়েৰিয়াত ভুগি আছিল । মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু পেথলজিষ্টসকলে তেওঁলোকৰ অনুসন্ধান প্ৰতিবেদন দাখিল কৰাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব ।

সূত্ৰই জনোৱা মতে, হৰসিদ্ধি থানা এলেকাৰ সীমাৰ অন্তৰ্গত মঠ লোহিয়াৰত বৃহস্পতিবাৰে নৱল দাস আৰু তেওঁৰ পুত্ৰ পৰমেন্দ্ৰ দাসৰ মৃত্যু হয় । এই মৃত্যুৰ পিছতে গাঁওবাসীৰ মাজত উত্তেজনাৰ সৃষ্টি হয় আৰু দুয়োজনে বিষাক্ত সুৰা সেৱন কৰা বুলি সন্দেহ প্ৰকাশ কৰে (People die due to spurious liquor)।

প্ৰথমে নৱল দাসৰ মৃত্যু হয় আৰু চাৰি ঘণ্টাৰ পাছত পৰমেন্দ্ৰ দাসকো চিকিৎসকে মৃত ঘোষণা কৰে । নৱলৰ বোৱাৰীকো সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । প্ৰশাসনৰ হস্তক্ষেপৰ আশংকাত পৰিয়ালৰ লোকে খৰখেদাকৈ মৃতদেহ দাহ কৰাৰ অভিযোগ কৰে গাঁওবাসীয়ে ।

"এতিয়ালৈকে একো নিশ্চিত হোৱা নাই । তদন্ত কৰা হ'ব । বিশ্ৰাক সুৰক্ষিত ৰখা হৈছে । দুজন লোকক মুজাফ্ফৰপুৰলৈ প্ৰেৰণ কৰা হৈছে কিন্তু তেওঁলোকৰ অসুস্থতাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । লক্ষণবোৰ হৈছে বমি আৰু ডায়েৰিয়া । তদন্তৰ প্ৰতিবেদন অহাৰ পিছতহে আমি স্পষ্টভাৱে কিবা ক'ব পাৰিম," অসামৰিক শল্য চিকিৎসক অঞ্জনী কুমাৰে কয় ।

লগতে পঢ়ক :Young woman killed by boyfriend : জন্মদিনৰ কেক খুৱাই প্ৰেমিকাৰ ডিঙি কাটিলে প্ৰেমিকে

ABOUT THE AUTHOR

...view details