অসম

assam

ETV Bharat / bharat

সুশীল কুমাৰৰ অস্ত্ৰৰ অনুজ্ঞাপত্ৰ বাতিল - sagar rana death

মল্লযোদ্ধা সাগৰ ধনকাৰৰ হত্যাৰ অভিযুক্ত সুশীল কুমাৰৰ অস্ত্ৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে । আৰক্ষীয়ে জনোৱা মতে ইতিমধ্যে বাতিলকৰণৰ প্ৰক্ৰিয়াটো অনুজ্ঞা পত্ৰ বিভাগে আৰম্ভ কৰিছে ।

Sushil Kumar
সুশীল কুমাৰৰ অস্ত্ৰৰ অনুজ্ঞাপত্ৰ বাতিল

By

Published : Jun 1, 2021, 7:50 PM IST

নেশ্যনেল ডেস্ক,১ জুন:শেহতীয়াকৈ ছত্ৰাচল ষ্টেডিয়ামত মল্লযোদ্ধা সাগৰ ধনকাৰৰ হত্যাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল ভাৰতৰ তাৰকা মল্লযোদ্ধা সুশীল কুমাৰক । এইবাৰ দিল্লী আৰক্ষীয়ে জনোৱা মতে সুশীল কুমাৰৰ পিষ্টলৰ অনুজ্ঞাপত্ৰও বাতিল কৰা হৈছে । আৰক্ষীয়ে জনোৱা মতে ইতিমধ্যে বাতিলকৰণৰ প্ৰক্ৰিয়াটো অনুজ্ঞা পত্ৰ বিভাগে আৰম্ভ কৰিছে । ইফালে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই দেওবাৰে অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ীগৰাকীক তেওঁৰ গোপন স্থান আৰু পলাতক অৱস্থাত তেওঁক সহায় কৰা লোকসকলৰ বিৰুদ্ধে তদন্ত কৰিবলৈ হৰিদ্বাৰলৈ লৈ ৰাওনা হয় ।

দিল্লী আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে সাগৰ ধনকাৰৰ হত্যাত ১৩ গৰাকীকৈ লোক জড়িত আছিল । যাৰ ভিতৰত ৯ গৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু বাকী চাৰিজন সন্দেহযুক্তক পলাতক বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে ঘটনাৰ মূল অভিযুক্ত সুশীল কুমাৰ আৰু তেওঁৰ সহযোগী অজয় বাক্কালৱালাক ২৩ মে'ত দিল্লীৰ মুণ্ডকা অঞ্চলত আৰক্ষীৰ বিশেষ কোষৰ এটা দলে গ্ৰেপ্তাৰ কৰিছিল । আৰক্ষীয়ে জনোৱা মতে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ সুশীল কুমাৰে ১৮ দিনৰ ব্যৱধানত সাতখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সীমা অতিক্ৰম কৰিছিল আৰু নিৰন্তৰ ভাৱে তেওঁৰ চিম কাৰ্ড সলনি কৰিছিল ।

অৱশ্যে সুশীল কুমাৰৰ ম'বাইল আৰু কপোৰ উদ্ধাৰ কৰিবলৈ ব্যৰ্থ হৈছে যি দুটা ঘটনাৰ মূখ্য প্ৰমাণ হিচাপে বিবেচিত হৈছে । আৰক্ষীৰ সন্দেহ অভিযুক্তজনে প্ৰমাণ খিনি ধ্বংস কৰিছে । আৰক্ষীয়ে জনোৱা মতে সুশীলে তদন্তত সহযোগিতা কৰা নাই । সুশীলৰ জিম্মা মঙলবাৰে শেষ হৈছে আনহাতে তেওঁক বুধবাৰে পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব ।

লগতে পঢ়ক:মিজোৰামৰ চিকিৎসালয়ত অক্সিজেন কনচেনট্ৰেটৰ যোগান ধৰিছে 'ইউ মেটাৰে'

ABOUT THE AUTHOR

...view details