অসম

assam

ETV Bharat / bharat

সুশান্ত সিং ৰাজপুতৰ মৃত্যু : কৰণ জোহৰ আৰু ছলমান খানলৈ আদালতৰ নিৰ্দেশ - Sushant Singh Rajput case latest news

মুজফৰপুৰৰ এখন স্থানীয় আদালতে শনিবাৰে ২০২১ চনৰ জানুৱাৰীৰ প্ৰথম সপ্তাহতে বলীউডৰ অভিনেতা ছলমান খান আৰু কৰণ জোহৰক তেওঁলোকৰ আবেদনসমূহ দাখিল কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷

Sushant Singh Rajput Case: Bihar court orders Salman Khan, Karan Johar to appear
সুশান্ত সিং ৰাজপুতৰ মৃত্যু: কৰণ জোহৰ, ছলমান খানলৈ আদালতৰ নিৰ্দেশ

By

Published : Dec 19, 2020, 7:53 PM IST

মুজফৰপুৰ,১৯ ডিচেম্বৰ :বিহাৰৰ মুজফৰপুৰৰ এখন স্থানীয় আদালতে শনিবাৰে ২০২১ চনৰ জানুৱাৰীৰ প্ৰথম সপ্তাহতে বলীউডৰ অভিনেতা ছলমান খান আৰু কৰণ জোহৰক তেওঁলোকৰ আবেদনসমূহ দাখিল কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷

সূত্ৰত প্ৰকাশিত তথ্য অনুসৰি, অভিনেতা ছলমান খানকে ধৰি আন ৭ গৰাকী বলীউডৰ চেলিব্ৰিটি ক্ৰমে কৰণ জোহৰ, সঞ্জয় লীলা ভাঞ্চালী, আদিত্য চোপ্ৰা আৰু একতা কাপুৰক মুজফৰপুৰ জিলা আদালতে সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত আদালতত উপস্থিত হ’বলৈ নিৰ্দেশ দিছিল ৷

বুধবাৰে অধিবক্তাই সঞ্জয় লীলা ভাঞ্চালী, একতা কাপুৰ, ভূষণ কুমাৰ, সাজিদ নাদিৱাদৱালা আৰু দিনেশ বিজয়নৰ হকে আদালতত আবেদন দাখিল কৰে ৷ উক্ত দিনত ছলমান খান আৰু কৰণ জোহৰৰ অধিবক্তা আদালতত উপস্থিত নাছিল ৷

সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত কৰণ জোহৰ, ছলমান খানলৈ আদালতৰ নিৰ্দেশ

সেয়ে আদালতে ২০২১ চনৰ জানুৱাৰীৰ প্ৰথম সপ্তাহতে ছলমান খান আৰু কৰণ জোহৰক আবেদনসমূহ দাখিল কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ মুজফৰপুৰৰ অধিবক্তা সুধীৰ ওজাৰ গোচৰৰ ভিত্তিত আদালতে বলীউডৰ তাৰকাসকলক আদালতত উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰে ৷

অধিবক্তাগৰাকীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩০৬, ৫০৪ আৰু ৫০৬ ধাৰাত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাবে বলীউডৰ তাৰকা কেইগৰাকীক দোষী সাব্যস্ত কৰি গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়ক :বন্দে ভাৰত আঁচনিৰ অধীনত ৩.৯ লক্ষাধিক লোকক সুুবিধা প্ৰদান

ABOUT THE AUTHOR

...view details