অসম

assam

By

Published : Sep 14, 2022, 5:18 PM IST

ETV Bharat / bharat

বাংলাদেশৰে railway link সম্পূৰ্ণ কৰাত গুৰুত্ব

ধৰ্মনগৰৰ পৰা আগৰতলা হৈ ত্ৰিপুৰাৰ বেলোনিয়ালৈ দ্বৈত লেন ট্ৰেক নিৰ্মাণৰ বাবে প্ৰয়োজনীয় জৰীপৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে । ইয়াৰ অনুমোদনৰ বাবে ৰে'লৱে ব'ৰ্ডলৈ প্ৰেৰণ কৰা হৈছে সবিশেষ । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃমানিক সাহা(Tripura Chief Minister Dr Manik Saha) আৰু উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জেনেৰেল মেনেজাৰৰ মাজত অনুষ্ঠিত এক বৈঠকৰ অন্তত এই তথ্য সদৰি কৰা হৈছে ।

railway link from Tripura to Bangladesh
বাংলাদেশৰে railway link সম্পূৰ্ণ কৰাত গুৰুত্ব

আগৰতলা, ১৪ ছেপ্টেম্বৰ:ত্ৰিপুৰাৰ পৰা বাংলাদেশলৈ দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় ৰেল সংযোগৰ জৰীপ(railway link from Tripura to Bangladesh)ৰ কাম ভাৰতৰ ফালে সম্পূৰ্ণ হৈছে । আগৰতলা ৰে'ল ষ্টেচনত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃমানিক সাহা আৰু উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জেনেৰেল মেনেজাৰ আনছুল গুপ্তাৰ মাজত মঙলবাৰে সন্ধিয়া অনুষ্ঠিত এক বৈঠকত এই তথ্য সদৰি কৰা হৈছে ।

উল্লেখ্য় যে এনএফআৰে মুখ্যমন্ত্ৰী ডাঃসাহা(Tripura Chief Minister Dr Manik Saha)আৰু জেনেৰেল মেনেজাৰ গুপ্তাৰ(General Manager of NEF Railway)সৈতে ৰাজ্যখনৰ ৰে'লৱে সম্পৰ্কীয় বিভিন্ন বিষয়ত এখন বৈঠকৰ আয়োজন কৰিছিল । ৰাজ্যখনৰ ৰে'ল যোগাযোগ ব্যৱস্থাৰ উন্নয়ন আৰু বিভিন্ন প্ৰকল্পৰ অগ্ৰগতি সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয় । তদুপৰি অসমৰ লামডিঙৰ পৰা ত্ৰিপুৰাৰ(double lane track from Lumding)আগৰতলালৈ দ্বৈত পথৰ ট্ৰেক মুকলি কৰাকে ধৰি বিভিন্ন প্ৰকল্পৰ অগ্ৰগতি সন্দৰ্ভত উক্ত বৈঠকত আলোচনা অনুষ্ঠিত হয় ।

এনএফআৰৰ জেনেৰেল মেনেজাৰ গুপ্তাই বৈঠকত কয় যে এই সকলো বিষয়ত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ দ্বাৰা প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে । ধৰ্মনগৰৰ পৰা আগৰতলা হৈ ত্ৰিপুৰাৰ বেলোনিয়ালৈ দ্বৈত লেন ট্ৰেক নিৰ্মাণৰ বাবে প্ৰয়োজনীয় জৰীপৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে । ইয়াৰ অনুমোদনৰ বাবে ৰে'লৱে ব'ৰ্ডলৈ প্ৰেৰণ কৰা হৈছে । মন কৰিবলগীয়া যে শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডাঃ সাহাৰ দিল্লী ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আন্তঃগাঁথনি বৃদ্ধিকে ধৰি ৰাজ্যখনত ৰে'ল সেৱাৰ উন্নতি সন্দৰ্ভত কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীৰ সৈতে আলোচনা কৰা হয় ।

উক্ত বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে বাংলাদেশৰে ৰে'ল সংযোগত আগৰতলা-আখাউৰা যিমান সম্ভৱ সোনকালে সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । এই সন্দৰ্ভত এন এফ ৰে'লৱেৰ জেনেৰেল মেনেজাৰগৰাকীয়ে কয় যে এই কামৰ বাবে প্ৰয়োজনীয় বিত্তীয় অনুমোদন লাভ কৰাৰ পিছত দ্ৰুত গতিত কামটো পুনৰ আৰম্ভ কৰা হৈছে । বৈঠকখন এন এফ ৰেলৱেই উল্লেখ কৰে যে যে আগৰতলা ৰে'ল ষ্টেচনক আন্তঃৰাষ্ট্ৰীয় মানৰ ষ্টেচন হিচাপে উন্নত কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে । এনে অত্যাধুনিক ৰে'ল ষ্টেচনত স্বাস্থ্যসেৱাৰ সুবিধা,শ্বপিং মল,খাদ্যৰ সুবিধা আৰু অন্যান্য উন্নত সেৱা থাকিব ।

ইপিনে,আগৰতলা-গুৱাহাটী আন্তঃ মহানগৰ ৰে'ল সেৱা(Agartala Guwahati inter city train service)আৰম্ভ কৰাৰ বাবে ৰে'লৱে ব'ৰ্ডলৈ(Railway Board)এটা প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰ দ্ৰুত ৰূপায়ণৰ বাবে অনুৰোধ জনোৱা হৈছে । এই বৈঠকখনত পুনৰ উল্লেখ কৰা হয় যে বাংলাদেশৰ দক্ষিণ জিলা-ফেনীৰ বেলোনিয়াৰ ভাৰতৰ ফালৰ জৰীপৰ কাম সম্পূৰ্ণ হৈছে আৰু অনুমোদনৰ বাবে ৰে'লৱে ব'ৰ্ডলৈ প্ৰেৰণ কৰা হৈছে । তদুপৰি ৰে'লৱেৰ হৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ হস্তক্ষেপৰ বাবে বাংলাদেশৰ ফালৰ পৰা কামৰ অগ্ৰগতিৰ বিষয়টো প্ৰেৰণ কৰা হৈছে বুলি এনএফআৰৰ বিষয়াই সদৰি কৰিছে ।

লগতে পঢ়ক:ত্ৰিপুৰাত বাইক ক্ৰয় কৰাকলৈ আৰক্ষী সঞ্চালক প্ৰধানক পত্ৰ তৃণমূলৰ

ABOUT THE AUTHOR

...view details