অসম

assam

By

Published : Jun 1, 2022, 2:20 PM IST

ETV Bharat / bharat

ত্ৰিপুৰাত ৫ জুনত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব আত্মসমৰ্পণকাৰী উগ্ৰপন্থীয়ে

আত্মসমৰ্পণকাৰী উগ্ৰপন্থীৰ প্ৰতিবাদত উত্তাল হ'ব ত্ৰিপুৰা (DRMC to protest in Tripura) ৷ ৫ জুনত অসম-আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ । চৰকাৰে দীৰ্ঘদিন ধৰি তেওঁলোকৰ দাবী পূৰণ নকৰাৰ অভিযোগ ।

DRMC to protest in Tripura
ত্ৰিপুৰাত ৫ জুনত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব আত্মসমৰ্পণকাৰী উগ্ৰপন্থীয়ে

আগৰতলা, ১ জুন :ত্ৰিপুৰাত প্ৰতিবছৰে বহু নিষিদ্ধ সংগঠনৰ সদস্যই আত্মসমৰ্পণ কৰাৰ লগতে মূলসূঁতিলৈ ঘূৰি আহে । চৰকাৰে সেইসকল লোকক আৰ্থিক সাহায্য প্ৰদানৰ লগতে সংস্থাপন আৰু বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে । কিন্তু বছৰ বছৰ ধৰি চৰকাৰে তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰাৰ অভিযোগ কৰিছে একাংশ আত্মসমৰ্পণকাৰী সশস্ত্ৰ সংগঠনৰ নেতাই । তেওঁলোকৰ দাবী পূৰণ নহ'লে সমগ্ৰ ৰাজ্যতে ব্যাপক আন্দোলনৰ হুংকাৰ দিছে মূলসূঁতিলৈ ঘূৰি অহা একাংশ উগ্ৰপন্থী নেতাই ।

এই সন্দৰ্ভত আত্মসমৰ্পণকাৰী উগ্ৰপন্থীৰ এক যুটীয়া মঞ্চ বঞ্চিত প্ৰত্যাৱৰ্তন আন্দোলন সমিতিয়ে (DRMC) সোমবাৰে এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলত DRMCয়ে ঘোষণা কৰে যে দাবী পূৰণ নহ'লে অনিৰ্দিষ্টকাললৈ তেওঁলোকে আন্দোলন অব্যাহত ৰাখিব (DRMC to protest in Tripura) ৷ ৫ জুনত অসম-আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰো ঘোষণা কৰে মঞ্চই (Surrendered militants to block NH in Tripura) ।

সোমবাৰে আগৰতলা প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি মঞ্চৰ (Deprived Returnees Movement Committee) সাধাৰণ সম্পাদক অমৃত ৰিয়াঙে কয় যে তেওঁলোকে বহু বছৰ পূৰ্বে অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰি মূলসূঁতিলৈ ঘূৰি আহিছিল কিন্তু আত্মসমৰ্পণৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ এতিয়াও পূৰণ কৰিব পৰা নাই চৰকাৰে ।

তেওঁ উল্লেখ কৰা মতে, ইতিমধ্যে বহুবাৰ তেওঁলোকে এই সন্দৰ্ভত শীৰ্ষ বিষয়াসকলক সাক্ষাৎ কৰিছে । দাবী পূৰণৰ বাবে স্মাৰকপত্ৰও দাখিল কৰিছে (Demand of surrendered militants in Tripura) । কিন্তু আজিলৈ তেওঁলোকৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই চৰকাৰে । তেওঁ কয় যে, যোৱা বছৰ অক্টোবৰত তেওঁলোকে জনজাতীয় কল্যাণ বিভাগ আৰু অন্যান্য বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈছিল ৷ কিন্তু সেই বৈঠকৰ পাছতো আজিলৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই ।

শেহতীয়াকৈ তেওঁলোকে কৰা প্ৰতিবাদৰ সময়ত চৰকাৰী বিষয়াসকলে ফোন কৰি বিভিন্ন ধৰণৰ আশ্বাস দিছিল বুলি তেওঁ উল্লেখ কৰে । সেই আশ্বাসবোৰ তেনেকৈয়ে থাকিল । সেয়েহে যদি চৰকাৰে তেওঁলোকৰ দাবী পূৰণৰ বাবে কোনো পদক্ষেপ নলয়, তেন্তে মঞ্চই অনিৰ্দিষ্টকালৰ বাবে অসম-আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিবলৈ বাধ্য হ'ব বুলি তেওঁ হুংকাৰ দিয়ে ।

ইফালে মঞ্চই চৰকাৰক ভাবুকি দি কয় যে, যদি ২০২৩ চনৰ নিৰ্বাচনৰ পূৰ্বে সকলো দাবী পূৰণ নহয়, তেন্তে তেওঁলোকে আন্দোলন তীব্ৰতৰ কৰি তুলিব । মঞ্চৰ সাধাৰণ সম্পাদকে কোৱা মতে ৰাজ্যখনত ৮০০ তকৈও অধিক প্ৰাক্তন উগ্ৰপন্থী সদস্য আছে, যিসকল চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আছে । উল্লেখ্য যে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বাসগৃহ প্ৰদান, পাৱাৰটিলাৰ প্ৰদান, গাহৰি আৰু ছাগলী পালন আঁচনি আৰু অমীমাংসিত আদালত আৰু আৰক্ষীৰ গোচৰ প্ৰত্যাহাৰ কৰাকে ধৰি কেইবাটাও দাবী আছে মঞ্চৰ ।

লগতে পঢ়ক :Lady teacher shot dead: বিদ্যালয়ৰ ভিতৰতে গুলীয়ালে শিক্ষয়িত্ৰীক

For All Latest Updates

ABOUT THE AUTHOR

...view details