নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল: মহামাৰীৰ কবলত পৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিগ্বিজয় সিং, হাৰিয়ানাৰ প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালা, আৰু শিৰোমণি অকালি দলৰ নেত্ৰী হৰছিম্ৰত কৌৰ বাদল ।
দিগ্বিজয় সিঙে টুইটযোগে প্ৰকাশ কৰে যে, শুকুৰবাৰে পুৱা তেওঁৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে । প্ৰাক্তন সাংসদগৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়ে । মহামাৰীত আক্ৰান্ত হোৱাৰ পিছতে হাৰিয়ানাৰ প্ৰাক্তন মন্ত্ৰী ৰণদীপ সিং সুৰজেৱালায়ো বিগত ৫ দিনত তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক কোৱাৰেণ্টাইনত থাকিবলৈ আৰু সাৱধনতা অৱলম্বন কৰিবলৈ আহ্বান জনায় ।
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰছিম্ৰত কৌৰ বাদলে কয় যে, তেওঁ মহামাৰীত আক্ৰান্ত হৈছে আৰু তেওঁৰ দেহত মহামাৰীৰ কেতবোৰ লক্ষণ পৰিলক্ষিত হৈছে । তেওঁ বৰ্তমান হোম আইছ'লেছনত আছে আৰু সকলো প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰি আছে বুলিও জানিবলৈ দিছে । পঞ্জাৱৰ ভাতিণ্ডাৰ সাসংদ বাদলৰ স্বামী তথা শিৰোমণি আকালি দলৰ মুৰব্বী সুখবীৰ সিং বাদলো কেইদিনমান পূৰ্বে COVID-১৯ত আক্ৰান্ত হৈছিল আৰু বৰ্তমান সুস্থ হৈ উঠিছে ।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, ভাৰতত বৃহস্পতিবাৰে ২ লাখৰো অধিক লোক COVID-১৯ত আক্ৰান্ত হৈছে আৰু মাত্ৰ এটা দিনত সৰ্বাধিক লোক মহামাৰীত আক্ৰান্ত হোৱাৰ অভিলেখ ৰচিছে । বৃহস্পতিবাৰে দেশত ২,০০,৭৩৯ জন লোক নতুনকৈ মহামাৰীত আক্ৰান্ত হৈছে । ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা ১,৪০,৭৪,৫৬৪ জনলৈ বৃদ্ধি পাইছে ।
লগতে পঢ়ক:ৰেমডেছিবিৰৰ ক'লা বেহা : কাণপুৰত ৩ জনক গ্ৰেপ্তাৰ