অসম

assam

ETV Bharat / bharat

বিজেপিৰ শাসনত চাৰ্জিকেল ষ্ট্ৰাইকে সীমান্ত সুৰক্ষিত কৰিছে : অমিত শ্বাহ - উৰি আৰু পুলৱামা আক্ৰমণ

"বিজেপি চৰকাৰখনে পাকিস্তানৰ ভিতৰলৈ গৈ দুবাৰকৈ চাৰ্জিকেল ষ্ট্ৰাইক চলাই তাৰ পৰা সন্ত্ৰাসবাদী ঘাটিসমূহ সম্পূৰ্ণৰূপে উৎখাত কৰিছে ৷ এই আক্ৰমণসমূহে দেশবাসীক আস্বস্ত কৰিছে যে, আমাৰ সীমান্ত সমূহ সুৰক্ষিত কাৰণ মোদী আমাৰ প্ৰধানমন্ত্ৰী আৰু বিজেপিয়ে দেশখনক শাসন কৰি আছে ৷"- অমিত শ্বাহ ৷

'Surgical strikes in Pak gave public confidence that borders are safe under Modi-led BJP govt'
চাৰ্জিকেল ষ্ট্ৰাইকে বিজেপিৰ শাসনত সীমান্ত সুৰক্ষিত বুলি দেশবাসীক আশ্বস্ত কৰিছে: অমিত শ্বাহ

By

Published : Jan 17, 2021, 10:29 PM IST

নেশ্যনেল ডেস্ক,17 জানুৱাৰী : উৰি আৰু পুলৱামা আক্ৰমণৰ প্ৰত্যুত্তৰ স্বৰূপে ভাৰতে যি চাৰ্জিকেল ষ্ট্ৰাইক চলাইছিল ই ভাৰতীয় লোকসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ শাসনকালত দেশৰ সীমান্ত সুৰক্ষিত অৱস্থাত আছে বুলি এক আশ্বাস প্ৰদান কৰিছে ৷ দেওবাৰে এক ৰেলী সম্বোধন কৰি এই মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷

শ্বাহে কয়, এক সংকল্পবদ্ধ চৰকাৰে হিচাপে বিজেপি চৰকাৰখনে 2014 আৰু 2019ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ প্ৰদান কৰিছে ৷ "বিজেপি চৰকাৰখনে পাকিস্তানৰ ভিতৰলৈ গৈ দুবাৰকৈ চাৰ্জিকেল ষ্ট্ৰাইক চলাই তাৰ পৰা সন্ত্ৰাসবাদী ঘাটিসমূহ সম্পূৰ্ণৰূপে উৎখাত কৰিছে ৷" এই আক্ৰমণসমূহে দেশবাসীক আশ্বস্ত কৰিছে যে, আমাৰ সীমান্ত সমূহ সুৰক্ষিত কাৰণ মোদী আমাৰ প্ৰধানমন্ত্ৰী আৰু বিজেপিয়ে দেশখনক শাসন কৰি আছে ৷

ইয়াৰ উপৰিও শনিবাৰে সমগ্ৰ দেশতে আৰম্ভ কৰা ক’ভিড 19ৰ প্ৰধিষেধক প্ৰদান অভিযান সন্দৰ্ভত মন্তব্য কৰি অমিত শ্বাহে কয়, এই দুয়োবিধ প্ৰতিষেধক সম্পূৰ্ণ সুৰক্ষিত আৰু এই টীকাকৰণ প্ৰক্ৰিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজে নিৰীক্ষণ কৰি আছে ৷

লগতে পঢ়ক-পশ্চিমবংগ বিধানসভা নিৰ্বাচনত প্ৰতিদন্দিতা কৰিব শিৱ সেনাই

ABOUT THE AUTHOR

...view details