নেচনেল ডেস্ক, 31 মাৰ্চ : নাৰী কেতিয়াবা মাতৃ, কেতিয়াবা জীয়ৰী আৰু কেতিয়াবা কাৰোবাৰ পত্নী ৷ কিন্তু, এইকেইটা চিৰচৰিত ৰূপৰ ওপৰিও নাৰীৰ আছে আন এক ৰূপ ৷ অসুৰক নাস কৰিবলৈ দুৰ্গাৰ ৰূপ লোৱা নাৰীয়ে সেই ৰূপত যুগে যুগে প্ৰতিহত কৰি আহিছে অসুৰ ৰূপী মানৱৰ অকৰ্ম আৰু অন্যায় ৷ ঘৰলৈ অহা দুৰ্বৃত্তৰ দলক অকলে প্ৰতিহত কৰা এনে এগৰাকী সাহসী জীয়ৰীৰ খবৰ আজি লৈ আহিছো আপোনাৰ বাবে ৷
মহাবিদ্যালয়ত আত্মৰক্ষাৰ শিক্ষাগ্ৰহণ কৰি থকা ৰিয়া চোৱাইনে তেওঁৰ পিতৃ-মাতৃ আৰু ভগ্নীৰ সৈতে চুৰাটৰ ওচৰৰ পালচানা তালুকাত বাস কৰে ৷ সচৰাচৰ নিশাৰ ভাগত কামলৈ যোৱা ৰিয়াৰ পিতৃ বাবুৰাম ঘটনাৰ দিনাও ঘৰৰ পৰা কামলৈ ওলাই গৈছিল ৷ নিশা ডেৰ বজাত ঘৰৰ বিদ্যুতৰ বিসংগতিৰ বাবে অন্ধকাৰ হৈ পৰে ঘৰখন, সেই সময়ত পঢ়াত ব্যস্ত আছিল ৰিয়া ৷
এই সুযোগতে ঘৰটোত প্ৰৱেশ কৰিলে ডকাইতৰ দলটোৱে (robbers enters house during load shedding ) ৷ কিন্তু, ডকাইতে ঘৰত প্ৰৱেশ কৰাৰ লগে-লগেই হঠাৎ জ্বলি উঠিল বিজুলী বাটি ৷ হাতত চোকা অস্ত্ৰ লৈ থকা এটা ডকাইতৰ মুখা-মুখি হৈছিল ৰিয়া ৷ সেই সময়তে আন দুটা ডকাইতো সেইখিনিত উপস্থিত হয় ৷ ৰিয়াৰ ভগ্নী আৰু মাতৃৰ ওচৰলৈ ডকাইত কেইটা আগবঢ়া দেখি চিৎকাৰ কৰি উঠিছিল ৰিয়াই ৷