নিউজ ডেস্ক, ২ আগষ্ট:২০২৩ চনৰ ২৭ ফেব্ৰুৱাৰীত গুজৰাটৰ শচীন অঞ্চলত এটি দুবছৰীয়া কিশোৰীক ধৰ্ষণ-হত্যাৰ গোচৰত অভিযুক্তক মৃত্যুদণ্ডৰ ৰায়দান কৰে চুৰাট সত্ৰ আদালতে । অভিযুক্ত ইছমাইল ইউছুফ চুৰাট চহৰৰ সচিন অঞ্চলৰ বাসিন্দা ৷ ইণ্টাৰনেটত পৰ্ণগ্ৰাফিক ভিডিঅ’ চাই শিশুটিক ধৰ্ষণ কৰে ইউছুফে । আৰক্ষীয়ে ইউছুফৰ মোবাইলৰ পৰা শিশুটি হত্যা কৰাৰ ভিডিঅ’ও উদ্ধাৰ কৰে ।
চুৰাট সত্ৰ আদালতে পৰিয়ালটোক ১০ লাখ টকাৰ ক্ষতিপূৰণৰ দিয়াৰো নিৰ্দেশ দিয়ে । আদালতে চৰকাৰী অধিবক্তাৰ যুক্তিসমূহ বিবেচনা কৰি এই গোচৰটোক বিৰলতকৈ বিৰল বুলি বিবেচনা কৰি অভিযুক্ত ধৰ্ষণকাৰীটোক মৃত্যুদণ্ডৰ শাস্তি বিহে ।
উল্লেখ্য যে, পাঁচ মাহ পূৰ্বে ২০২৩ চনৰ ২৭ ফেব্ৰুৱাৰীত চুৰাট চহৰৰ শচীন অঞ্চলত বাস কৰা শ্ৰমিক পৰিয়ালৰ এটি দুবছৰীয়া শিশু সন্ধানহীন হৈছিল । শ্ৰমিকৰ পৰিয়ালটোৰ চুবুৰীত বাস কৰা ইছমাইল ইউছুফে শিশুটিক লগত লৈ গৈছিল । পূৰ্বে ইটা ভাটাত শ্ৰমিক হিচাপে কাম কৰিছিল ২৩ বছৰীয়া ইউছুফে।