নিউজ ডেস্ক, ২৮ অক্টোবৰ : গুজৰাটত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা । চুৰাটত সংঘটিত এই মৰ্মান্তিক ঘটনাত এটা পৰিয়ালে সমূহীয়াভাৱে আত্মহত্যা কৰে । এগৰাকী ফাৰ্নিচাৰ ব্যৱসায়ীয়ে তেওঁৰ পৰিয়ালৰ ছয়জন সদস্যৰ সৈতে সমূহীয়াভাৱে আত্মহত্যা কৰে । এই ঘটনাটোৱে সমগ্ৰ ৰাজ্যখনত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে । মৃতসকলৰ ভিতৰত আছে দুগৰাকী বৃদ্ধ, দুজন যুৱক আৰু তিনিটা শিশু । ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এখন ছুইচাইড নোট উদ্ধাৰ কৰে । জানিব পৰা মতে, কাৰোবাক ধাৰে দিয়া ধন ঘূৰাই নোপোৱাৰ বাবে পৰিয়ালটোৱে আত্মহত্যাৰ দৰে এই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে ।
ঘটনাৰ বিৱৰণী অনুসৰি, মনীষ চোলাঙ্কী নামৰ ব্যক্তিগৰাকীয়ে তেওঁৰ পৰিয়ালৰ সৈতে চুৰাটৰ আদাজানৰ পালানপুৰ পটিয়া অঞ্চলৰ সিদ্ধেশ্বৰ এপাৰ্টমেণ্টত বাস কৰিছিল । তেওঁ পিতৃ কানুভাই, মাতৃ শোভানা বেন, পত্নী ৰীতা আৰু দীক্ষা, কাব্য আৰু কুশল নামৰ তিনিটা সন্তানৰ সৈতে তাত বাস কৰিছিলল । মনীষভাই ফাৰ্নিচাৰৰ ব্যৱসায়ৰ সৈতে জড়িত আছিল । জানিব পৰা মতে, মনীষভায়ে কোনো ব্যক্তিক টকা ধাৰলৈ দিছিল । কিন্তু এই টকা ঘূৰাই পোৱাৰ কোনো পথ দেখা নাছিল ।
যাৰ বাবে মনীষভাই ইমানেই হতাশ হৈ পৰে যে গোটেই পৰিয়ালটোক লৈ আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয় । শুকুৰবাৰে নিশা তেওঁৰ পৰিয়ালটোৰ সৈতে আত্মহত্যা কৰে । মনীষভায়ে প্ৰথমে তেওঁৰ পিতৃ-মাতৃ, পত্নী আৰু তিনিটা সন্তানক বিষাক্ত দ্ৰৱ্য প্ৰদান কৰে । এই ছয়গৰাকী লোকৰ মৃত্যুৰ পিছত তেওঁ নিজেও চিপ লৈ আত্মহত্যা কৰে । তেওঁ এখন ছুইচাইড নোটো লিখি থৈ গৈছে । তাত কোৱা হৈছে যে তেওঁ দিয়া ধন ঘূৰাই নোপোৱাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰে ।
আনহাতে, আৰক্ষীয়ে সমূহীয়া আত্মহত্যাৰ এই তথ্য পোৱাৰ লগে লগে ঘটনাস্থলীত গৈ উপস্থিত হয় । ঘটনাটোৰ গুৰুত্ব উপলব্ধি কৰি জ্যেষ্ঠ আৰক্ষী বিষয়াও ঘটনাস্থলীত উপস্থিত হয় । প্ৰাৰম্ভিক অনুসন্ধানত আৰক্ষীয়ে ছুইচাইড নোটখন বিচাৰি পায় । আৰক্ষীয়ে মৃতদেহকেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে ফৰেনচিক বিভাগৰ পৰাও সহায় লৈ আছে ।