অসম

assam

Sharad Pawar threatening case : এনচিপি নেতা শৰদ পাৱাৰক হত্যাৰ ভাবুকি

By

Published : Jun 9, 2023, 4:19 PM IST

ব্যক্তিগত হোৱাটছএপ নম্বৰত হত্যাৰ ভাবুকি দিয়া হৈছে শৰদ পাৱাৰক (Death threats to Sharad Pawar)। ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে পাৱাৰৰ কন্যা সুপ্ৰিয়া চুলে । আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন কৰিছে ।

Sharad Pawar threatening case
এনচিপি নেতা শৰদ পাৱাৰক হত্যাৰ ভাবুকি

নেশ্যনেল ডেস্ক,৯ জুন :নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) মুৰব্বী শৰদ পাৱাৰক হত্যাৰ ভাবুকি (Death threats to Sharad Pawar)। ব্যক্তিগত হোৱাটছএপত ভাবুকিপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে দুৰ্বৃত্তই । শৰদ পাৱাৰৰ কন্যা তথা এনচিপিৰ সাংসদ সুপ্ৰিয়া চুলেই শুকুৰবাৰে এই কথা স্পষ্ট কৰিছে । সুপ্ৰিয়াই দাবী কৰা মতে তেওঁৰ পিতৃক এটা ৱেবছাইটৰ জৰিয়তে ভাবুকি দিয়া হৈছে । সুপ্ৰিয়াই প্ৰকাশ কৰিছে যে তেওঁ তেওঁৰ ব্যক্তিগত হোৱাটছএপত এটা ভাবুকিপূৰ্ণ বাৰ্তা লাভ কৰিছে (Sharad Pawar received threatening SMS)।

বাৰ্তাসমূহৰ প্ৰিণ্টআউট কপি দেখুৱাই বাৰামতীৰ সাংসদ সুপ্ৰিয়া চুলেই সাংবাদিকক কয় যে শৰদ পাৱাৰক এটা ৱেবছাইটৰ জৰিয়তে ভাবুকি দিয়া হৈছে । সমগ্ৰ ঘটনা সন্দৰ্ভত শৰদ পাৱাৰৰ কন্যা সুপ্ৰিয়া চুলেই মুম্বাইৰ আৰক্ষী আয়ুক্ত বিবেক ফানচালকাৰক সাক্ষাৎ কৰে (Supriya Sule meet Mumbai Police Commissioner)। লগতে তেওঁ এই সন্দৰ্ভত ন্যায় বিচাৰিছে ।

তেওঁ লগতে গৃহ বিভাগৰ দায়িত্বত থকা মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকো বিষয়টো লক্ষ্য কৰিবলৈ আহ্বান জনায় । ইতিমধ্যে চুলেই আৰক্ষীৰ ওচৰত হত্যাৰ ভাবুকিৰ স্ক্ৰীণশ্বটৰ প্ৰিণ্টআউট প্ৰতিলিপি দাখিল কৰিছে । এনে ধৰণৰ কাৰ্য কু-ৰাজনীতি আৰু এয়া বন্ধ হ'ব লাগে বুলিও তেওঁ দাবী কৰে ।

ইফালে, মুম্বাই আৰক্ষীৰ বিষয়াসকলে কয় যে চহৰখনৰ দক্ষিণ চাইবাৰ আৰক্ষী থানাত এই সন্দৰ্ভত এখন এজাহাৰ পঞ্জীয়ন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । লক্ষণীয়ভাৱে কেন্দ্ৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰত কেইবাটাও গুৰুত্বপূৰ্ণ পদত থকা শৰদ পাৱাৰক পূৰ্বে মৃত্যুৰ ভাবুকি দিয়া হৈছিল (Threatening to NCP Chief)। অৱশ্যে কোনে তেওঁক এইবাৰ হত্যাৰ ভাবুকি দিলে ? ইতিমধ্যে এই বিষয়ক লৈ তেওঁৰ সমৰ্থকসকলৰ মাজত তীব্ৰ আতংকই বিৰাজ কৰিছে । অৱশ্যে আৰক্ষীৰ সঠিক তদন্তৰ পাছত হে পোহৰলৈ আহিব জ্যেষ্ঠ নেতাগৰাকীক কোনে হত্যাৰ ভাবুকি দিছে ।

লগতে পঢ়ক :Pawan Khera Slams Jaishankar : আপোনাৰ মগজু সংঘ পৰিয়ালক এৰি দিয়ক; জয়শংকৰক কটাক্ষ কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details