নেশ্যনেল ডেস্ক,12 ছেপ্টেম্বৰ:আজি সৰ্বোচ্চ ন্যায়ালয়ত গ্ৰহণ কৰা হ’ব কা' সন্দৰ্ভত শুনানি ৷ মুখ্য ন্যায়াধীশ ইউ ইউ ললিতৰ নেতৃত্বত এখন বিচাৰপীঠে CAA ৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানি আজি গ্ৰহণ কৰিব । আজিৰ বিচাৰপীঠে 220খন আবেদনৰ শুনানি গ্ৰহণ কৰিব ৷ বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন (citizenship amendment law)ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা কেইবাখনো আবেদনকে ধৰি সোমবাৰে উচ্চতম ন্যায়ালয়ত 200ৰো অধিক ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ(পিআইএল)ৰ শুনানি হ’ব । উল্লেখযোগ্য যে, বিচাৰপীঠে আজি শুনানি গ্ৰহণ কৰিবলগীয়া 220 খন আবেদনৰ ভিতৰত ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰো আবেদন তালিকাভুক্ত কৰা হৈছে ।
'We the women of India' শীৰ্ষক এটা সংগঠনে দাখিল কৰা ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ শুনানিও আজি গ্ৰহণ কৰা হ’ব সৰ্বোচ ন্যায়ালয়ত ৷ কা'ৰ জৰিয়তে আফগানিস্তান, বাংলাদেশ বা পাকিস্তানৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী বা খ্ৰীষ্টান সম্প্ৰদায়ৰ প্ৰব্ৰজনকাৰীসকলক দেশত নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে ।
উল্লেখ্য যে, নাগৰিকত্ব (সংশোধনী) আইন চমুকৈ CAA বলবতৰ জাননী জাৰি কৰা হৈছিল 2019 চনৰ 12 ডিচেম্বৰৰ দিনা (Citizenship Amendment Act) । আনহাতে, 10 জানুৱাৰী, 2020ত কাৰ্যকৰী কৰা হৈছিল এই আইন । ইয়াৰ পিছতে এই কা' ৰ বিৰুদ্ধে সমগ্ৰ দেশতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিবাদৰ (CAA protests across country) । বিভিন্ন দল-সংগঠনে ইয়াৰ প্ৰতিবাদ কৰিছিল । অসমতো বাওঁ গণতান্দ্ৰিক সংগঠন, সদৌ অসম ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও সামাজিক দল-সংগঠনে কা'ৰ বিৰোধিতা জনায় কা বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰিছিল(Caa protest in Assam) ।