অসম

assam

ETV Bharat / bharat

কৃষি আইন প্ৰযোজ্য কৰাত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ - কৃষক ইউনিয়ন

দীৰ্ঘদিনীয়া আন্দোলনৰ অন্তত অৱশেষত উচ্চতম ন্যায়ালয়ে কৃষি আইন প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত স্থগিতাদেশ প্ৰদান ৰাখিছে ৷ লগতে প্ৰতিবাদকাৰী কৃষক সকলৰ সৈতে আলোচনাত মিলিত হ‘বলৈ চাৰিজনীয়া সদস্যৰ এক সমিতিও গঠন কৰি দিছে শীৰ্ষ আদালতে ৷

SUPREME COURT STAYS IMPLEMENTATION OF THREE FARMS LAWS UNTIL FURTHER ORDERS
কৃষি আইন প্ৰযোজ্য কৰাত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ

By

Published : Jan 12, 2021, 5:16 PM IST

নিউজ ডেস্ক, 12 জানুৱাৰী : উচ্চতম ন্যায়ালয়ে কৃষি আইন প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত স্থগিতাদেশ প্ৰদান ৰাখিছে ৷ লগতে প্ৰতিবাদকাৰী কৃষক সকলৰ সৈতে আলোচনাত মিলিত হ‘বলৈ চাৰিজনীয়া সদস্যৰ এক সমিতিও গঠন কৰি দিছে ৷ এই সমিতিত অৰ্থনীতিবিধ, কৃষক ইউনিয়নৰ নেতা আৰু ইন্টাৰনেচনেল পলিচি হেডো অন্তৰ্ভুক্ত হৈ আছে ৷ এই সমিতিত থকা সদস্য কেইজন ক্ৰমে ভূপিন্দৰ সিং মান, ডা৹ প্ৰমোদ কুমাৰ যোশী, অশোক গুলাটী আৰু অনিল ঘনৱন্ত ৷

উচ্চতম ন্যায়ালয়ে মঙলবাৰে কৃষক আন্দোলন সন্দৰ্ভত কয় যে, আমি জনতাৰ জীৱন আৰু সম্পত্তিৰ ৰক্ষাক লৈ চিন্তিত ৷ ন্যায়ালয়ে লগতে কৃষক সংগঠনৰ পৰা সহযোগিতা বিচাৰি কয় যে, কৃষি আইনৰ ওপৰত যিসকলে প্ৰকৃততে সমাধান বিচাৰে, তেওঁলোক সমিতিৰ কাষলৈ যাব ৷ ন্যায়ালয়ে কৃষক সংগঠন সমূহক কয় যে, " এয়া ৰাজনীতি নহয়, ৰাজনীতি আৰু ন্যায়তন্ত্ৰৰ মাজত পাৰ্থক্য আছে আৰু আপোনালোকে সহযোগ কৰিবই লাগিব ৷ "

উচ্চতম ন্যায়ালয়ে লগতে কয় যে, কোনো শক্তিয়ে আমাক নতুন কৃষি আইনৰ ওপৰত চলা সংঘাতক সমাপ্ত কৰিবলৈ সমিতিৰ গঠন কৰাৰ ক্ষেত্ৰত বাধা দিব নোৱাৰে তথা আমাক সমস্যাৰ সমাধান কৰাৰ বাবে আইনক নিলম্বন কৰাৰো অধিকাৰ আছে ৷

ইফালে শীৰ্ষ আদালতৰ সিদ্ধান্তৰ পাছত কৃষক ইউনিয়নৰ হৈ যুঁজ দিয়া অধিবক্তা এপি সিঙে কয় যে, কোনো বয়সস্থ লোক, মহিলা অথবা শিশুৱে আন্দোলনত ভাগ নলয় ৷

লগতে পঢ়ক: নিৰ্বাচনী প্ৰস্তুতিৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী

ABOUT THE AUTHOR

...view details