নেশ্যনেল ডেস্ক, 29 নৱেম্বৰ : আজি উচ্চতম ন্যায়ালয়ত দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ সূৰ্যকান্তে (SC hearing petition concerning pollution rise in Delhi) ৷ এই শুনানিৰ সময়তেই জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে কয় যে, নিৰ্মাণকাৰ্যৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো উচ্চতম ন্যায়ালয়ৰ নাকৰ তলতে চলি আছে ‘Central Vista’ প্ৰকল্পৰ কাম (Central Vista project construction)৷
উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত সঁহাৰি প্ৰদৰ্শন কৰি কয় যে, উচ্চতম ন্যায়ালয়ে পৰিস্থিতিটোৰ বিষয়ে ভালদৰে অৱগত ৷ আৰু কেৱল এই বিষয়টো উত্থাপন কৰাটো মুখ্য উদ্বেগৰ পৰা এক বিচ্যুতি হ'ব । মুখ্য ন্যায়াধীশে চলিচিটৰ জেনেৰেল তুষাৰ মেহতা, যিয়ে এই সন্দৰ্ভত এক এফিডেফিট দখিল কৰিব বুলি কৈছিল তেওঁক মাতি পঠিয়ায় ৷
উচ্চতম ন্যায়ালয়ে লগতে উল্লেখ কৰে যে, আজিৰ দিনটোত ৰাজধানী দিল্লীৰ বায়ুৰ গুণগত মানদণ্ড সূচক ৪১৯ লৈ হ্ৰাস পাইছে , যাৰ প্ৰতি চলিচিটৰ জেনেৰেলে নিজৰ উদ্বেগ প্ৰকাশ কৰি কয় যে বায়ুৰ গুণগত মানদণ্ড স্তৰ প্ৰতিদিনে বেয়ালৈ গৈ আছে ৷