নিউজ ডেস্ক, ১৮ ছেপ্টেম্বৰ : ইডি চমন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কাষচপা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে নাপালে সকাহ । সোমবাৰে হেমন্ত সোৰেনৰ আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ত হয় । আদালতে তেওঁৰ আবেদনৰ ওপৰত শুনানি ল'বলৈ অস্বীকাৰ কৰে । লগতে তেওঁক এই সন্দৰ্ভত উচ্চ ন্যায়ালয়লৈ যাবলৈ কয় । উল্লেখ্য যে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে আবেদনখনত ইডিৰ চমনক প্ৰত্যাহ্বান জনাইছিল । কিন্তু উচ্চতম ন্যায়ালয়ে ইয়াৰ শুনানি অস্বীকাৰ কৰাত তেওঁৰ অধিবক্তাই আবেদনখন প্ৰত্যাহাৰ কৰে ।
উচ্চতম ন্যায়ালয়ে সোমবাৰে মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক ইডিৰ চমনক প্ৰত্যাহ্বান জনাবৰ বাবে প্ৰথমে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ কয় । আনহাতে, আদালতে তেওঁৰ অধিবক্তাক আবেদনখন প্ৰত্যাহাৰ কৰিবলৈ কয় । ইয়াৰ পিছত প্ৰত্যাহাৰ কৰা আবেদন হিচাপে ইয়াক খাৰিজ কৰা হয় ।
ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু ন্যায়াধীশ বেলা এম ত্ৰিবেদীৰ আদালতে মুখ্যমন্ত্ৰীৰ অধিবক্তাক প্ৰশ্ন কৰে যে আপুনি উচ্চ ন্যায়ালয়লৈ গৈ কিয় চেষ্টা নকৰে, আপুনি প্ৰথমে তালৈ যাব লাগে । এই ক্ষেত্ৰত অধিবক্তা মুকুল ৰোহতগীয়ে উচ্চতম ন্যায়ালয়ৰ কথাত সন্মত হয় । তাৰ পিছত আদালতে আবেদনখন প্ৰত্যাহাৰৰ অনুমতি দিয়ে । অনুমতি লাভৰ পিছত আবেদনখন খাৰিজ কৰা হয় । বিচাৰপীঠে লগতে কয় যে মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ অধিবক্তাই কৈছে যে তেওঁৰ মক্কেলে উচ্চ ন্যায়ালয়ত আপীল কৰিব ।