অসম

assam

ETV Bharat / bharat

Rajiv Gandhi assassination case: অন্যতম অভিযুক্ত এ জি পেৰাৰিভালনক কাৰামুক্তিৰ নিৰ্দেশ - এ জি পেৰাৰিভালনৰ মুক্তিৰ নিৰ্দেশ

ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ গোচৰত ৩০ বছৰতকৈও অধিক কাল কাৰাবাস খাটি আছিল এ জি পেৰাৰিভালনে ৷ উচ্চতম ন্যায়ালয়ে অনুচ্ছেদ ১৪২ ৰ অধীনত বিশেষাধিকাৰ প্ৰয়োগ কৰি পেৰাৰিভালনৰ মুক্তিৰ নিৰ্দেশ দিয়ে ৷ ১৯৯১ চনৰ ২১ মে'ৰ নিশা তামিলনাডুৰ শ্ৰীপেৰাম্বুদুৰত এক আত্মঘাতী বোমা বিস্ফোৰণত মৃত্যু হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৷

Supreme Court orders release of AG Perarivalan
এ জি পেৰাৰিভালনৰ মুক্তিৰ নিৰ্দেশ

By

Published : May 18, 2022, 1:37 PM IST

নিউজ ডেস্ক, 18 মে’ :উচ্চতম ন্যায়ালয়ে বুধবাৰে ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ গোচৰত ৩০ বছৰতকৈও অধিক আজীৱন কাৰাবাস খাটি থকা এ জি পেৰাৰিভালনক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে(Supreme Court orders release of AG Perarivalan) । ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ নেতৃত্বত গঠিত এজনীয়া বিচাৰপীঠে অনুচ্ছেদ ১৪২ৰ অধীনত বিশেষাধিকাৰ প্ৰয়োগ কৰি পেৰাৰিভালনৰ মুক্তিৰ নিৰ্দেশ দিছিল ।

ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ নেতৃত্বত গঠিত বিচাৰপীঠে কয় যে, ৰাজ্যিক কেবিনেটে প্ৰাসংগিক বিবেচনাৰ ওপৰত ভিত্তি কৰি ইয়াৰ সিদ্ধান্ত লোৱা হৈছিল । অনুচ্ছেদ 142 প্ৰয়োগ কৰি, দোষীক মুকলি কৰা উচিত হ’ব ৷ সংবিধানৰ অনুচ্ছেদ 142-এ উচ্চতম ন্যায়ালয়ক বিশেষাধিকাৰ প্ৰদান কৰে, যাৰ অধীনত সংশ্লিষ্ট বিষয়ত আন কোনো আইন প্ৰণয়ন নোহোৱালৈকে তেওঁৰ সিদ্ধান্ত সৰ্বাধিক বুলি গণ্য কৰা হয় ।

এ জি পেৰাৰিভালনে কাৰাবাসত আৰু পেৰোলৰ থকা সময়ত তেওঁৰ আচৰণৰ সন্দৰ্ভত কোনো অভিযোগ নথকাত ৯ মাৰ্চত আদালতে তেওঁক জামিন প্ৰদান কৰিছিল ৷ ইয়াৰ পূৰ্বে ৪ মে'ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এল এন ৰাও আৰু বি আৰ গাভাইৰ বিচাৰপীঠে এ জি পেৰাৰভিলানৰ মুক্তি সম্পৰ্কীয় এখন আবেদনৰ শুনানি গ্ৰহণ কৰিছিল ।

কেন্দ্ৰৰ হৈ, এএছজি কে এম নটৰাজে আদালতক জনাইছিল যে বিষয়টো ৰাজ্যপালৰ পিছত ৰাষ্ট্ৰপতিৰ সন্মুখত বিচাৰাধীন হৈ আছে । এই সন্দৰ্ভত আদালতে প্ৰশ্ন কৰিছিল যে, সংবিধানে সঁচাকৈয়ে ইয়াক অনুমতি দিয়ে নেকি ? কিয়নো ই অনুচ্ছেদ 161-ৰ অধীনত মন্ত্ৰী পৰিষদৰ সহায় আৰু পৰামৰ্শৰ মাজত আৱদ্ধ ।

আদালতে কৈছিল যে ৰাজ্যপাল, ৰাষ্ট্ৰপতিলৈ আবেদন প্ৰেৰণ কৰিব নোৱাৰি, কিয়নো ইয়াত তেওঁলোকৰ কোনো ভূমিকা নাই । এই সন্দৰ্ভত এ এছ জি নটৰাজে যুক্তি দৰ্শাইছিল যে ক্ষমাৰ সিদ্ধান্ত ৰাষ্ট্ৰপতিৰ ওপৰত এৰি দিয়া উচিত ৷ উল্লেখ্য যে, ১৯৯১ চনৰ ২১ মে'ৰ নিশা তামিলনাডুৰ শ্ৰীপেৰাম্বুদুৰত ধনু বুলি চিনাক্ত কৰা এগৰাকী মহিলা আত্মঘাতী বোমাৰুৱে ৰাজীৱ গান্ধীক হত্যা কৰিছিল ৷

কেন্দ্ৰৰ ক্ষমা আবেদনৰ ভিত্তিত উচ্চতম ন্যায়লয়ে শুনানি গ্ৰহণ কৰি 2014 চনৰ 18 ফেব্ৰুৱাৰীত পেৰাৰিভালন, সান্থান আৰু মুৰুগানৰ পূৰ্বৰ মৃত্যুদণ্ডৰ ৰায় সলনি কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে ৷

লগতে পঢ়ক :ৰাজীৱ গান্ধীৰ হত্যাৰ গোচৰৰ দোষীক ক্ষমা প্ৰাৰ্থনাৰ কৰিব তামিলনাডুৰ ৰাজ্যপালে

ABOUT THE AUTHOR

...view details