অসম

assam

ETV Bharat / bharat

PIL on Manipur issue : মণিপুৰকলৈ দাখিল কৰা আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ শীৰ্ষ ন্যায়ালয়ৰ

মণিপুৰত অবৈধ প্ৰব্ৰজনৰ ফলত হোৱা আফিং খেতি আৰু হিংসাৰ এক বিশেষ তদন্ত দলৰ দ্বাৰা তদন্ত বিচাৰি কৰা আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে । অভিযন্তা মায়াগ্লাম্বাম ববি মেইটেইয়ে পিআইএলখন দাখিল কৰিছিল । কিন্তু উচ্চতম ন্যায়ালয়ে তাক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে ।

PIL on Manipur issue
মণিপুৰক লৈ দাখিল কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

By

Published : Jul 31, 2023, 2:59 PM IST

নেশ্যনেল ডেস্ক,৩১ জুলাই :উচ্চতম ন্যায়ালয়ে মণিপুৰ সংঘৰ্ষকলৈ কৰা এক আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে । উচ্চতম ন্যায়ালয়ৰ মতে আবেদনখনে সংঘৰ্ষৰ বাবে এটা নিৰ্দিষ্ট সম্প্ৰদায়ক দোষাৰোপ কৰিছে । ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰাক লৈ গঠিত এখন বিচাৰপীঠে কয় যে এই আবেদনটো গ্ৰহণ কৰাটো অতি কঠিন কাৰণ ই এটা সম্প্ৰদায়ক দোষাৰোপ কৰিছে ।

মুখ্য ন্যায়াধীশে কয় যে আবেদনখনে এটা সম্প্ৰদায়ক দায়বদ্ধ ঘোষণা কৰিবলৈ আৰু অনুপ্ৰৱেশকাৰীসকলৰ সহযোগত হিংসা আৰম্ভ হোৱৰ তদন্তৰ বাবে এছআইটি গঠনৰ নিৰ্দেশনা বিচাৰিছে । আবেদনখন অভিযন্তা মায়াগ্লাম্বাম ববি মেইটেইৰ আছিল । তেওঁ উচ্চতম ন্যায়ালয়ৰ ওচৰত মণিপুৰত অবৈধ প্ৰব্ৰজনৰ ফলত হোৱা নিচাজাতীয় সামগ্ৰীৰ খেতি আৰু হিংসাৰ এক বিশেষ তদন্ত দল (এছআইটি)ৰ তদন্ত বিচাৰি আবেদন জনাইছিল ।

মুখ্য ন্যায়াধীশে লগতে কয় যে এই আবেদন গ্ৰহণ কৰিলে মণিপুৰৰ এক নিৰ্দিষ্ট অংশৰ লোকক সন্ত্ৰাসবাদী হিচাপে চিহ্নিত কৰাৰ দৰে হ'ব । বিচাৰপীঠে উল্লেখ কৰা মতে আবেদনকাৰীয়ে সকলোবোৰ এখন আবেদনত উল্লেখ কৰিছে । আবেদনখনত তেওঁ অনুপ্ৰৱেশকাৰীৰ জৰিয়তে হোৱা হিংসাৰ এছআইটি তদন্ত, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ (এনএইচআৰচি) তদন্ত, নাৰ্কো বন ধ্বংসৰ তদন্ত আদি বিষয় উল্লেখ কৰে । আনহাতে আবেদনকাৰীক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা মাধৱী দিভানক আন নিৰ্দিষ্ট আবেদন লৈ আহিবলৈ বিচাৰপীঠে আহ্বান জনায় ।

অধিবক্তা দিভানে হেঁচা দিছিল যে এক দীৰ্ঘম্যাদী সমাধানৰ প্ৰয়োজন । মুখ্য ন্যায়াধীশৰ আদালতে ইতিমধ্যে মণিপুৰ হিংসাৰ সৈতে সম্পৰ্কিত এটা গ্ৰুপৰ আবেদন গ্ৰহণ কৰি বিচাৰ প্ৰক্ৰিয়া চলাই আছে । আদালতৰ মতে যদি আবেদনকাৰীয়ে বিচাৰে তেন্তে তেওঁ তাত হস্তক্ষেপ কৰিব পাৰে । দিভানে কয় যে সেই আবেদনবোৰ ৰাজ্যখনৰ হিংসাৰ ওপৰত কৰা হৈছে । তেওঁৰ মতে ইয়াতকৈও ডাঙৰ সমস্যা হৈছে ড্ৰাগছৰ সমস্যা ।

অধিবক্তাগৰাকীয়ে বিষয়টোত এক স্বতন্ত্ৰ অনুসন্ধানৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে । দিভানে কয় যে অভ্যন্তৰত যি ঘটিছে সেয়া কেতিয়াও নাইকিয়া নহয় আৰু মণিপুৰত আফিং খেতি কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । অৱশ্যে মুখ্য ন্যায়াধীশৰ অনুৰোধত দিভানে আবেদনখন প্ৰত্যাহাৰ কৰিবলৈ সন্মত হয় ।

লগতে পঢ়ক :Manipur crisis : মণিপুৰৰ ঘটনাত বিদেশী সংস্থা জড়িত থকাৰ সন্দেহ প্ৰাক্তন সেনাপ্ৰধানৰ

ABOUT THE AUTHOR

...view details