নিউজ ডেস্ক, 6 ডিচেম্বৰ: আজি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব নাগৰিকত্ব সংশোধনী আইন(CAA)ৰ সাংবিধানিক বৈধতাৰ শুনানি(CAA Hearing in Supreme court) ৷ নাগৰিকত্ব সংশোধনী আইনৰ সাংবিধানিক বৈধাতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা 232খন লেখ আবেদনৰ শুনানি গ্ৰহণ কৰিব দেশৰ উচ্চতম ন্যায়ালয়ে (Supreme court of India) ৷
উল্লেখ্য যে, 31অক্টোবৰত অনুষ্ঠিত হৈ যোৱা শুনানিৰ সময়ত প্ৰাক্তন মুখ্য ন্যায়াধীশ ইউ ইউ ললিত, ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভট্ট আৰু ন্যায়াধীশ বেলা এম ত্ৰিবেদীৰ বিচাৰপীঠে অসম আৰু ত্ৰিপুৰা চৰকাৰক দুসপ্তাহৰ ভিতৰত CAAৰ সাংবিধানিক বৈধতা সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশনা প্ৰদান দিছিল (CAA Assam)।
ইফালে, কেন্দ্ৰীয় চৰকাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰি এই আৱেদসমূহ খাৰিজ কৰিবলৈ আবেদন জনাইছিল । কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত এখন শপতনামা দাখিল কৰি কৈছিল যে, ’’নাগৰিকত্ব সংশোধনী আইন হৈছে এক সৰু আইন, যি আইনে ভাৰতীয় নাগৰিকত্ব লাভৰ বাবে প্ৰস্তুত কৰা সাংবিধানিক নিয়মক প্ৰভাৱিত নকৰে’’।