নিউজ ডেস্ক, 4 মে’: ভাৰতীয় কুস্তি ফেডাৰেচনৰ অধ্যক্ষ ব্ৰীজ ভূষণৰ (Brij Bhushan case) বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগৰ আবেদনৰ ওপৰত কাৰ্যক্ৰম বন্ধ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰে সিদ্ধান্ত ৷ কিন্তু উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্ত প্ৰতিবাদী মল্লযোদ্ধাসকলে কোনো বিফলতা নহয় বুলি উল্লেখ কৰি বৃহস্পতিবাৰে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে ৷
উল্লেখ্য যে, বিগত 23 এপ্ৰিলৰ পৰা মল্লযোদ্ধাসকলে ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে অব্যাহত ৰাখিছে প্ৰতিবাদ (WFI president) ৷ ব্ৰীজ ভূষণৰ বিৰুদ্ধে এগৰাকী নাবালিকা মল্লযোদ্ধাৰ লগতে 7 গৰাকী মহিলা মল্লযোদ্ধাক যৌন উৎপীড়ন চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদী মল্লযোদ্ধাসকলে ৷
উল্লেখ্য যে, সৰ্বোচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে ব্ৰীজ ভূষণক অভিযুক্ত কৰি তিনিগৰাকী মহিলা মল্লযোদ্ধাই তৰা গোচৰ আবেদনৰ ওপৰত চলি থকা কাৰ্যক্ৰম বন্ধ কৰি দিয়ে ৷ লগতে, এজাহাৰ দাখিল কৰা আটাইকেইগৰাকী মহিলা মল্লযোদ্ধাক নিৰাপত্তা প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে সৰ্বোচ্চ ন্যায়ালয়ে ৷ ন্যায়ালয়ৰ এই ৰায়ৰ পাচতেই ৰিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী সাক্ষী মালিকে (Bronze medalist Sakshi Malik) কয়, ‘‘আমি উচ্চতম ন্যায়ালয়ৰ আদেশক সন্মান জনাইছোঁ কিন্তু প্ৰতিবাদ অব্যাহত থাকিব, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আমাৰ বাবে কোনো বিফলতা নহয় ৷’’